ভাৰতীয় বায়ুসেনাৰ ঘাটিৰ (Indian Air Force base) ৰাজস্থানৰ বিমানবন্দৰৰ (Airport in Rajasthan) নিষিদ্ধ এলেকাত ফটো তোলাৰ (Taking photos in prohibited areas) অভিযোগ উত্থাপন হৈছে এলায়েন্স বায়ুসেনাৰ এজন পাইলটৰ বিৰুদ্ধে। উত্তৰলাই বায়ুসেনা ঘাটিৰ নিষিদ্ধ এলেকাত ফটো আৰু ভিডিঅ’ তোলাৰ অভিযোগ উত্থাপন হৈছে বিদেশী পাইলটগৰাকীৰ (Foreign pilot) বিৰুদ্ধে।
এই ঘটনাত বায়ুসেনাৰ নিৰাপত্তাৰক্ষীয়ে পাইলটজনক কেইবা ঘণ্টা ধৰি আটক (Detained for hours) কৰি ৰাখে।বিমান সংস্থাটোৱে যোৱা ৯ জানুৱাৰীত দিল্লীৰ পৰা উত্তৰলাই বায়ুসেনা ঘাটিলৈ চাৰ্টাৰ্ড বিমান চলাইছিল। বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰাৰ পিছত পাইলটগৰাকীয়ে কেইবাখনো ছবি আৰু ভিডিঅ’ লোৱাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে বায়ুসেনাই তেওঁক আটক কৰে। এই ঘটনাত বায়ুসেনাই ‘অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধান’ৰ ওচৰত এজাহাৰ দাখিল কৰিছে।
শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা। এলায়েন্স এয়াৰলাইন্সে এক বিবৃতিয়ে এই কথা প্ৰকাশ কৰে। বিমান সংস্থাটোৰ মতে, পাইলটজনক সাময়িকভাৱে কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছে। এক বিবৃতিত বিমান সংস্থাটোৱে কয় যে এলায়েন্স এয়াৰলাইন্সৰ বাবে নিৰাপত্তা সৰ্বোচ্চ।
এনে ঘটনাৰ গুৰুতৰ তদন্ত চলি আছে। তদন্তৰ অন্তত পাইলটজনক নিলম্বন কৰা হৈছে।বিবৃতিটোত লগতে কোৱা হৈছে যে এলায়েন্স এয়াৰে বিমান সংস্থা হিচাপে কিছুমান পদ্ধতি বা নীতি মানি চলে। লগতে এনে ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে।