ASSAM TIMES POST
গুৱাহাটীঃ বিহাৰৰ শৈক্ষিক কাৰ্যক্ৰম ‘চুপাৰ ৩০’ৰ স্বচ্ছতা সম্পৰ্কত প্ৰশ্ন উত্থাপিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উচ্চ ন্যায়ালয়ে তলব কৰিছে ইয়াৰ প্ৰতিষ্ঠাপক আনন্দ কুমাৰক। জানিবপৰা মতে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ ৪জনকৈ ছাত্ৰই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (পিআইএল)ৰ ভিত্তিতে অহা ২৬ নৱেম্বৰত তেওঁক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ অচিন্ত মল্ল বুজৰবৰুৱাৰ খণ্ড বিচাৰপীঠে। উক্ত ছাত্ৰ কেইজনে যোৱা বৰ্ষত দাখিল কৰা পিআইএলত উল্লেখ অনুসৰি, আনন্দ কুমাৰে ২০১৮ চনত তেওঁৰ ‘চুপাৰ ৩০’ত অধ্যয়ন কৰা ২৬ জন শিক্ষাৰ্থীয়ে আইআইটিৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি কৈছিল। কিন্তু, এই ২৬ শিক্ষাৰ্থীৰ নামকেইটা ৰাজহুৱা নকৰাৰ অভিযোগৰে ছাত্ৰ কেইজনে আনন্দ কুমাৰ কিম্বা ‘চুপাৰ ৩০’ক ভুৱা বুলি কয়। ইয়াৰ ভিত্তিত যোৱা বৰ্ষৰ ২১ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে আনন্দ কুমাৰক উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে যদিও তাকে নকৰাত মঙলবাৰে এই নিৰ্দেশনা প্ৰদান কৰে। ২৬ নৱেম্বৰত আনন্দ কুমাৰ হাজিৰ নহ’লে তেওঁৰ বিৰুদ্ধে জামিন-যুক্ত পৰোৱানা জাৰি কৰা হ’ব বুলিও উচ্চ ন্যায়ালয়ে স্পষ্টভাৱে কয়।











