![]()
ওড়িশাৰ গভীৰ অৰণ্যৰ গছত (In the deep forest trees of Odisha) ওলমি থকা এগৰাকী মহিলা ক্ৰিকেটাৰৰ মৃতদেহ উদ্ধাৰ (Woman cricketer’s body found) হৈছে। শুকুৰবাৰে কটক জিলাৰ (Cuttack District) আঠাগড়ৰ সমীপৰ এখন বনাঞ্চলৰ পৰা উদ্ধাৰ হয় মৃতদেহটো। মৃত ক্ৰিকেটাৰগৰাকীৰ নাম ৰাজশ্ৰী শ্বোৱাইন (Rajshri Showain) (২২)।

যোৱা ৩ দিন ধৰি সন্ধানহীন হৈ আছিল তেওঁ। ওড়িশাৰ গভীৰ অৰণ্যৰ গছত ওলমি থকা মৃতদেহ উদ্ধাৰৰ ৰহস্যক লৈ উত্তাল হৈ পৰিছে ওড়িশা। প্ৰাথমিকভাৱে এয়া আত্মহত্যা বুলি অনুমান কৰা হৈছে। আচলতে এয়া আত্মহত্যা নে হত্যা তাৰ তদন্ত কৰা হ’ব।













