দিল্লীত পাকিস্তানৰ দূতাবাসত (Embassy of Pakistan in Delhi) ভাৰতীয় মহিলাৰ যৌন নিৰ্যাতনৰ (Sexual harassment of Indian women) অভিযোগ যদি প্ৰমাণিত হয় তেন্তে পাকিস্তানে উক্ত বিষয়াসকলক ৰেহাই নিদিয়ে! দেশখনৰ চৰকাৰে বৃহস্পতিবাৰে এই কথা অৱগত কৰিছে। পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ মুমতাজ জাহৰা বালোচে কয় যে পাকিস্তানে এনেকুৱা কোনো এটা বিষয় সহ্য নকৰে।
সমগ্ৰ বিষয়টো সন্দৰ্ভত পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এক বিবৃতি দিছে।মুমতাজে কয়, “আমাৰ দূতাবাসলৈ অহা কোনো ব্যক্তিৰ লগত বেয়া ব্যৱহাৰ আমি মানি নলওঁ। এই অভিযোগ শুনি আমি স্তম্ভিত হৈ পৰিছো। অভিযোগ প্ৰমাণিত হʼলে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হʼব।” লগতে তেওঁ কয়, “পাকিস্তানে সকলো ভিছা আবেদনকাৰীৰ সৈতে ন্যায্য ব্যৱহাৰ কৰে।” মুমতাজৰ ভাষাত, “আমাৰ সকলো কূটনৈতিক কৰ্মীক পেছাদাৰীভাৱে আচৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।”
উল্লেখ্য, বৃহস্পতিবাৰে এগৰাকী ভাৰতীয় মহিলাই পাকিস্তান দূতাবাসৰ কৰ্মচাৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰে। মহিলাগৰাকীয়ে লগতে দাবী কৰে যে তেওঁক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এটা লেখা লিখিবলৈ প্ৰস্তাৱ দিয়া হৈছিল।
মহিলাগৰাকীয়ে অভিযোগ কৰে যে পাকিস্তান দূতাবাসৰ বিষয়াগৰাকীয়ে তেওঁক পাকিস্তান ভ্ৰমণৰ ভিছা প্ৰদানৰ চৰ্ত হিচাপে বেয়া প্ৰস্তাৱ দিছিল। লগতে তেওঁ দাবী কৰে যে বিষয়াজনে তেওঁক যৌনগন্ধী ইঙ্গিতো দিছিল। মহিলাগৰাকীয়ে আৰু দাবী কৰে যে তেওঁক ভাৰত আৰু কাশ্মীৰৰ বিৰুদ্ধেও লেখা লিখিবলৈ কোৱা হৈছিল।