কেৰালা (Kerala) ৰ এৰ্নাকুলামৰ এজন লোকে পত্নীক হত্যা কৰি মৃতদেহ ঘৰৰ ভিতৰত পুতি থোৱাৰ অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, ডেৰ বছৰ ধৰি তেওঁ সেই ঘৰটোতে আছিল। বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তৰ নাম সঞ্জীৱ। ২০২১ চনৰ আগষ্ট মাহত হঠাতে নিৰুদ্দেশ হৈছিল সঞ্জীৱৰ পত্নী ৰম্যা।
চুবুৰীয়া আৰু আত্মীয়ই কেইবাদিনো ৰম্যাক দেখা নাপাই সঞ্জীৱক সুধিছিল যে তেওঁৰ পত্নী কʼত আছে। তাৰ পিছত তেওঁ দাবী কৰে যে ৰম্যা আন এজন ব্যক্তিৰ সৈতে ঘৰৰ পৰা পলাই গৈছিল।প্ৰায় ৬ মাহ এনেদৰে কটালে সঞ্জীৱে।
তদন্তত আৰক্ষীয়ে গম পায় যে সঞ্জীৱে ছমাহ আগতে চুবুৰীয়াক ৰম্যা পলাই গৈছে বুলি কৈছিল। সেই সময়ত আৰক্ষীয়ে সন্দেহ কৰিছিল যে কিয় সঞ্জীৱে ঘটনাৰ ৬ মাহলৈকে থানাত খবৰ নিদিয়াকৈ আছিল। সঞ্জীৱৰ অভিযোগ আৰক্ষীয়ে মানি লৈছিল যদিও তদন্তকাৰীয়ে তেওঁৰ গতিবিধিও নিৰীক্ষণ কৰি আছিল।
এজন তদন্তকাৰীয়ে জনোৱা মতে, সঞ্জীৱে প্ৰথমে জেৰা কৰাৰ সময়ত একো নাজানে বুলি দাবী কৰিছিল। কিন্তু আৰক্ষীয়েও প্ৰমাণ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। চুবুৰীয়া আৰু আত্মীয়ৰ লগত কথা পাতি আৰক্ষীয়ে কেইবাটাও সূত্ৰ পাইছিল। সেই সূত্ৰৰ ভিত্তিত তেওঁলোকে সঞ্জীৱৰ ঘৰত তালাচী চলায়। তেতিয়াই তদন্তকাৰীয়ে লক্ষ্য কৰে যে ঘৰৰ মজিয়াত এটা ঠাই অলপ অসমান।
অৱশ্যে তাত নতুন চিমেণ্টো মাৰা হৈছিল। আৰু আৰক্ষীয়ে সেই মজিয়াখন খান্দি দিয়াত তাৰ পৰা এগৰাকী মহিলাৰ মৃতদেহ ওলাই পৰে। ইয়াৰ পিছতে আৰক্ষীয়ে সঞ্জীৱক গ্ৰেপ্তাৰ কৰে। তেওঁক সোধা-পোছা কৰাৰ পিছত তদন্তকাৰীয়ে গম পায় যে ৰম্যাৰ লগত ফোনত কথা পতাৰ বাবে কাজিয়া হৈছিল।
আৰু সেই খঙতে তেওঁক হত্যা কৰি মৃতদেহটো ঘৰতে পুতি থৈ প্ৰমাণ নষ্ট কৰি পেলাব বিচাৰিছিল। ওচৰ-চুবুৰীয়াৰ পৰা আৰক্ষীয়ে গম পায় যে সঞ্জীৱে তেওঁলোকক কৈছে যে তেওঁ অতি সোনকালেই বিয়া কৰাব। এই হত্যাকাণ্ডৰ পিছত আন কিবা ৰহস্য আছে নেকি সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।