প্ৰায় ৭ মাহ পূৰ্বে টেলিভিছনৰ আলোচনাত ঘৃণামূলক ভাষণৰ বাবে তেওঁক বিজেপিৰ পৰা নিলম্বিত কৰা হৈছিল। এইবাৰ পদ্ম-শিবিৰৰ প্ৰাক্তন সৰ্বভাৰতীয় মুখপাত্ৰ নূপুৰ শৰ্মাক (Nupur Sharma) ‘আত্মৰক্ষা’ৰ কাৰণে আগ্নেয়াস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰ প্ৰদান (Grant of Gun license) কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিয়ন্ত্ৰণত থকা দিল্লী আৰক্ষীয়ে নূপুৰৰ অনুৰোধ মানি লৈ পিষ্টল ৰখাৰ অনুমতি দিয়ে।
উল্লেখ্য, নূপুৰৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ অভিযোগত ৰাজ্যৰ পৰা ৰাজ্যলৈ অপৰাধমূলক গোচৰ ৰুজু হৈছে। আনকি দিল্লী আৰক্ষীৰ বিশেষ কোষৰ ‘ইণ্টেলিজেন্স ফিউজন এণ্ড ষ্ট্ৰেটেজিক অপাৰেচন (আই এফ এছ অ’) ইউনিটেও নূপুৰৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছে। উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ নিলম্বিত বিজেপিৰ মুখপাত্ৰক। ইমান বিতৰ্কিত ব্যক্তিক কিয় আগ্নেয়াস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰ দিয়া হʼল?
ইছলামিক ষ্টেটকে (আই এছ) ধৰি বিভিন্ন উগ্ৰ সংগঠনে নূপুৰক হত্যা কৰাৰ ভাবুকি দিয়াৰ কথা বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে জনাইছে আৰু তেওঁৰ ‘মূৰৰ দাম’ ঘোষণা কৰা হৈছে। এই পৰিস্থিতিত সুৰক্ষাৰ কাৰণে এই সিদ্ধান্ত। ইয়াৰ উপৰি দিল্লী আৰক্ষীয়ে ৰাজস্থানৰ উদয়পুৰ আৰু মহাৰাষ্ট্ৰৰ অমৰাৱতীত ইণ্টাৰনেটত নূপুৰক সমৰ্থন কৰাৰ ‘অপৰাধ’ৰ বাবে দুজন লোকক নৃশংস হত্যাকাণ্ডৰ কথাও স্মৰণ কৰি এই সিদ্ধান্ত লয়।