ৰামচৰিতমানস তুলসীদাসে (Ramcharitmanas Tulsidas) ৰামায়ণৰ ৰামক (Ram of Ramayana) নিজৰ কল্পনা আৰু পুৰাণৰ কাহিনীৰ সৈতে মিহলাই ৰচনা (Composition combined with stories of imagination and mythology ) কৰিছিল। কেৱল পৌৰাণিক আখ্যানৰ বাবেই নহয়, সাহিত্যিক গুণৰ বাবেও এই গ্ৰন্থখনৰ পাঠকৰ মাজত এক বিশেষ মূল্য আছে।
অৱশ্যে বিহাৰৰ শিক্ষামন্ত্ৰী, আৰজেডি নেতা চন্দ্ৰশেখৰে (Education Minister, RJD leader Chandrashekhar) এই ৰামচৰিতমানসক লৈ বিতৰ্কিত (Controversy over Ramcharitmanas) মন্তব্য কৰি হুলস্থুলৰ সৃষ্টি কৰিলে। তেওঁৰ মতে, এই গ্ৰন্থখনে সমাজত বিভাজন আৰু ঘৃণা বৃদ্ধি কৰিছে।
বুধবাৰে নালন্দা মুক্ত বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে চন্দ্ৰশেখৰে। এই উপলক্ষে বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানো উপস্থিত থাকে। তাত চন্দ্ৰশেখৰে কয়, “ৰামচৰিতমানসত কোৱা হৈছে যে সমাজৰ নিম্নস্তৰৰ মানুহে শিক্ষা লʼলে তাৰ ফল বিষাক্ত হ’ব।”
এনে মন্তব্যই সমাজখনক আৰু অধিক বিভাজিত কৰিবলৈ যথেষ্ট। কিন্তু কেৱল ৰামচৰিতমানসেই নহয়, মনুস্মৃতি আৰু আৰ এছ এছৰ প্ৰাক্তন মুৰব্বী এম এছ গোলৱাৰকাৰৰ ‘বাঞ্চ অব থটছ’ নামৰ গ্ৰন্থখনক সমাজত বিভাজন বিয়পাই দিয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে দোষাৰোপ কৰিছিল।
চন্দ্ৰশেখৰৰ ভাষাত, “এখন দেশ তেতিয়াহে মহান হয় যেতিয়া সেই দেশত মৰম আৰু স্নেহ থাকে। কিন্তু মনুস্মৃতি বা ৰামচৰিতমানস আদি পুথিয়ে সমাজত বিভাজনৰ বীজ সিঁচিছে।” একে সময়তে তেওঁ দাবী কৰে, যিহেতু দলিত আৰু পিছপৰা লোকসকলে শিক্ষাৰ বিৰোধিতা কৰে, সেয়েহে মানুহে মনুস্মৃতি ৰাজহুৱাভাৱে জ্বলাই দিয়ে বা ৰামচৰিতমানসৰ সম্পাদিত অংশ নিজৰ গ্ৰন্থ হিচাপে লয়।
কিন্তু বিজেপিয়ে আৰজেডিৰ মন্ত্ৰীগৰাকীৰ এই বক্তব্যক সমালোচনা কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাৰ মতে চন্দ্ৰশেখৰে ভোট বেংকৰ ৰাজনীতিৰ বাবে এনে মন্তব্য কৰিছিল।