ASSAM TIMES POST
গুৱাহাটীঃ শেহতীয়াকৈ ভৌগোলিক পৰিচয় (জিআই) টেগৰ বাবে অনুমোদন লাভ কৰিলে অসমীয়াৰ আদৰৰ গামোচা আৰু চকুৱা চাউলে। ১২৪ সংখ্যক জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্যনছ জাৰ্ণেলত এই দুটিয়ে জিআই টেগ লাভ কৰাৰ কথা সবিস্তাৰে প্ৰকাশ পাইছে। উল্লেখযোগ্য যে গোলাঘাটৰ হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে গামোচাই জিআই টেগ লাভৰ কাৰণে আৱেদন কৰিছিল। ইপিনে, চকুৱা চাউলৰ বাবে জিআই টেগৰ আৱেদন কৰিছিল শিৱসাগৰৰ সেউজ সতীৰ্থ নামৰ সংস্থাটোৱে। গামোচাৰ জিআই টেগ লাভে অসমতে যে এই বস্ত্ৰবিধ প্ৰস্তুত কৰা হয়, তাৰ স্বীকৃতি প্ৰদান কৰিলে। ইয়াৰদ্বাৰা বহিৰাগত বনিক গোষ্ঠীয়ে ৰাজ্যৰ বাহিৰত ইয়াক প্ৰস্তুত কৰাটো নিষিদ্ধ কৰিলে। তদুপৰি, প্ৰকৃত গামোচাখন চিনি পোৱাত ইয়াত থকা জিআই টেগৰ প্ৰতীকে সহায় কৰিব।











