চোৰাং ব্যৱসায়ীয়ে বিভিন্ন উপায়েৰে শুল্ক বিভাগৰ বিষয়াৰ চকুত ধূলি মাৰি বহিঃৰাষ্ট্ৰৰ পৰা সোণ Gold সৰবৰাহ কৰি থাকে। এইবাৰ তামিলনাডু Tamilnadu ৰ এজন বাসিন্দাই চকলেট পাউদাৰৰ সৈতে মিহলি কৰি সোণ সৰবৰাহ কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হয়।
শনিবাৰে লোকজনক আটক কৰি তিৰুচিৰাপল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তালাচী চলোৱাৰ সময়ত তেওঁৰ বেগত তিনিটা বাৰ চকলেট পাউদাৰ উদ্ধাৰ হয়। চকলেটৰ গাঁতবোৰ পৰীক্ষা কৰাত ওলাই আহে লক্ষাধিক টকাৰ ২১১ গ্ৰাম সোণ। লগতে যাত্ৰীজনৰ বেগৰ পৰা ১৭৫ গ্ৰাম ওজনৰ সোণৰ চেইন উদ্ধাৰ হয়। ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক।
শুল্ক বিভাগৰ তথ্য অনুসৰি, উদ্ধাৰ হোৱা সোণৰ মূল্য প্ৰায় ২২ লাখ টকা। শুল্ক বিভাগৰ তথ্য অনুসৰি ডুবাইৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানত অভিযুক্ত তিৰুচিৰাপল্লীলৈ আহিছিল। তাত তেওঁৰ গতিবিধিৰ সন্দেহত শুল্ক বিভাগৰ বিষয়াসকলে তেওঁক ৰখাই তালাচী চলোৱাৰ সময়ত শুল্ক বিভাগৰ বিষয়াসকলে অভিযুক্তৰ বেগত থকা চকলেট পাউদাৰৰ বাকচৰ পৰা সোণ উদ্ধাৰ কৰে।
দেওবাৰে শুল্ক বিভাগৰ এগৰাকী বিষয়াই কয়, “এয়াৰ ইণ্ডিয়াৰ বিমানত উঠি শনিবাৰে তিৰুচিৰাপল্লী বিমানবন্দৰত উপস্থিত হয় এজন লোক।” পৰীক্ষাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰি মুঠ ২১ লাখ ৫৫ হাজাৰ টকা সোণ উদ্ধাৰ কৰা হয়।