ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

বোকাখাতত ‘ৰঙৰ পৃথিৱী’ শীৰ্ষক অসম ভিত্তিত ব্যতিক্ৰমী, দৃষ্টান্তমূলক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিতঃ

অজন্তা তালুকদাৰ, বোকাখাতঃ

Staff Reporter by Staff Reporter
January 8, 2023
Reading Time: 1 min read
A A
0
বোকাখাতত ‘ৰঙৰ পৃথিৱী’ শীৰ্ষক অসম ভিত্তিত ব্যতিক্ৰমী, দৃষ্টান্তমূলক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিতঃ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

বোকাখাত Bokakhat ত আজি অনুষ্ঠিত হ’ল ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা গৰিষ্ঠ সংখ্যক চিত্ৰ প্ৰতিযোগীৰ অংশগ্ৰহণত ৰাজ্যখনতে বিৰল এক দৃষ্টান্তমূলক চিত্ৰাংকন প্ৰতিযোগিতা Drawing Compitition । বোকাখাতত আজি প্ৰায় দেৰ হাজাৰ প্ৰতিযোগীক লৈ সৰ্বপ্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় অসম ভিত্তিত ব্যতিক্ৰমী চিত্ৰাংকন প্ৰতিযোগিতা। উল্লেখ্য যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীৰ বাবে কোনো ভৰ্তি মাচুলৰ ব্যৱস্থা নাছিল।

Drawing Compitition
বোকাখাতত দৃষ্টান্তমূলক চিত্ৰাংকন প্ৰতিযোগিতা

বোকাখাতৰ ‘অভিলাষ প্ৰকাশন‘ৰ উদ্যোগত আৰু ‘আচাম ফাইন আৰ্টচ একাডেমী‘ৰ সহযোগত বোকাখাতৰ ৰাজহুৱা খেল পথাৰত মুকলি আকাশৰ তলত অনুষ্ঠিত হয় এই অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা।

বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° ৰুবী বৰাৰ একমাত্ৰ সন্তান অভিলাষ বৰা (বু)ৰ সোঁৱৰণত প্ৰতিটো জন্মদিনত ‘অভিলাষ প্ৰকাশন‘ৰ উদ্যোগত বোকাখাতত গোলাঘাট জিলা ভিত্তিত বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আহিছে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষও অভিলাষ (বু)ৰ সোঁৱৰণত ‘অভিলাষ প্ৰকাশন’ৰ স্বত্বাধিকাৰ তথা অসমৰ আগশাৰীৰ প্ৰৱন্ধকাৰ, গল্পকাৰ ড° ৰুবী বৰাৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰতিযোগিতাখনি। কিন্তু এই বৰ্ষত অসম ভিত্তিত অনুষ্ঠিত হয় এই চিত্ৰাংকন প্ৰতিযোগিতা।

IMG 20230108 WA0012 | ASSAM TIMES POST

বিশিষ্ট ধাৰভাষ্যকাৰ তথা ২০২৩ বৰ্ষৰ ‘ৰঙৰ পৃথিৱী‘ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাৰ মুখ্য সম্পাদক ৰূপজ্যোতি ভড়ালীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠান আৰম্ভ হয় অসম সংগীতেৰে। প্ৰতিযোগিতাৰ আৰম্ভণিতে ড° ৰুবী বৰাৰ মাতৃ মাকন বৰাই বন্তি প্ৰজ্বলন কৰে আৰু উদ্যোক্তা ড° ৰুবী বৰাই আদৰণি ভাষণ প্ৰদান কৰে। বিশিষ্ট চিত্ৰশিল্পী, কবি, আবৃত্তিকাৰ মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই প্ৰতিযোগিতা উদ্বোধন কৰি নিজৰ ভাষণত ‘বু’ৰ সোঁৱৰণত বোকাখাতত এখন আৰ্ট গেলেৰী প্ৰতিষ্ঠা হোৱাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।

আজিৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদবে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আৰু উপস্থিত থাকে চিত্ৰশিল্পী জ্যোতিৰ্ময় ভূঞা। বিশিষ্ট অতিথিদ্বয় মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য আৰু জ্যোতিৰ্ময় ভূঞাক একোখনিকৈ সঁফুৰা, অসমীয়া শিপিনীয়ে বোৱা গামোচা আৰু জনগোষ্ঠীয় গামোচাৰে আৰু ডাঃ নেহা যাদবক অসমীয়া শিপিনীয়ে বোৱা গামোচা আৰু জনগোষ্ঠীয় গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। উদ্বোধনী অনুষ্ঠান সম্পন্ন হোৱাৰ পাছতে আৰম্ভ হয় মূল প্ৰতিযোগিতা।

প্ৰায় দেৰ হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা আজিৰ প্ৰতিযোগিতা ক্ৰমে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ‘ক শাখা’, ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ ‘খ শাখা’, নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ‘গ শাখা’ আৰু ‘ঘ শাখা’ত স্নাতক পৰ্যায়ত অনুষ্ঠিত হয়। উল্লেখ্য যে ২০১৭ বৰ্ষৰ পৰা বোকাখাতত বুৰ জন্মদিন উপলক্ষ্যে গোলাঘাট জিলা ভিত্তিত প্ৰায় দুই সহস্ৰাধিক শিশুৰ মাজত অনুষ্ঠিত হৈ আহিছে ‘অভিলাষ প্ৰকাশন’ৰ উদ্যোগত আৰু ‘আচাম ফাইন আৰ্টচ একাডেমী’ৰ সহযোগত বিশেষভাৱে প্ৰচাৰ আৰু জনপ্ৰিয়তা লাভ কৰা এই চিত্ৰাংকন প্ৰতিযোগিতা ‘ৰঙৰ পৃথিৱী’।

IMG 20230108 WA0011 | ASSAM TIMES POST

প্ৰতিযোগীতা চলি থকাৰ সমান্তৰালকৈ এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বিবিধ সংগীতৰ সুৰেৰে বাঁহী বাদনৰ এক সুন্দৰ আৰু ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন কৰি প্ৰতিযোগী, বিশিষ্ট অতিথি, উপস্থিত ৰাইজ, অভিভাৱক সকলক আহ্লাদিত কৰে প্ৰতিশ্ৰতিসম্পন উদীয়মান যুৱ কণ্ঠ শিল্পী তথা বাঁহী বাদক বৰ্ষাগ্নি ডেকাই। প্ৰতিযোগীতাৰ সমান্তৰালকৈ প্ৰদৰ্শনীমূলক চিত্ৰ আঁকে অনুষ্ঠানৰ বিশিষ্ট অতিথি তথা বিশিষ্ট চিত্ৰশিল্পী জ্যোতিৰ্ময় ভূঞা আৰু স্থানীয় যুৱ চিত্ৰশিল্পী বাসৱী শ্ৰীময়ীয়ে।

প্ৰতিযোগীতাৰ অন্তত অনুষ্ঠিত হয় বিশিষ্ট যুৱ কণ্ঠশিল্পী হিমাংশু বৰুৱাৰ গীতৰ শৰাই। ড° বৰাৰ এই প্ৰচেষ্টা সম্প্ৰতি ব্যক্তি জীৱনৰ পৰা সমাজ জীৱনলৈ পৰ্যবসিত হোৱা বুলি আৰু বিগত বৰ্ষ সমূহত ‘অভিলাষ প্ৰকাশন’ৰ উদ্যোগত সম্পন্ন হোৱা বিবিধ সৃষ্টিশীল আৰু কল্যাণমূলক কাৰ্যসূচীয়ে উত্তৰ পুৰুষলৈ সমাজ উত্তৰণৰ এক উজ্জ্বল বাট কাটি দিছে বুলি সম্প্ৰতি বোকাখাত তথা অসমৰ বৌদ্ধিক মহলত চৰ্চিত হৈছে। যদিও এই চিত্ৰাংকন প্ৰতিযোগিতা বুৰ জন্মদিন উপলক্ষ্যে প্ৰতিবছৰে ১৫ জুনত অনুষ্ঠিত কৰি আহিছে, গ্ৰীষ্মকালীন বতৰৰ তুলনাত শীতৰ বতৰৰ সুবিধাৰ বাবে এই বৰ্ষৰ ৮ জানুৱাৰী দিনটো ধাৰ্য্য কৰি লোৱা হয়।‌

আজিৰ ‘ৰঙৰ পৃথিৱী’ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাৰ অনুষ্ঠানত বিশিষ্ট অতিথি সকলৰ লগতে উপস্থিত আছিল ‘ৰঙৰ পৃথিৱী’ চিত্ৰাংকন প্ৰতিযোগিতাৰ সভাপতি দিবাকৰ শৰ্মা আৰু প্ৰচাৰৰ মুখ্য আহ্বায়ক অজন্তা তালুকদাৰ, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে বুবুল দত্ত আৰু নীলু আচাৰ্য, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যাপক ড° শশাংক ধৱল শইকীয়া, বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালা, বিশিষ্ট কবি-নাট্যকাৰ-সাংবাদিক অমৰ শৰ্মা, সাংবাদিক তথা অসম সাংস্কৃতিক মহাসভাৰ প্ৰাক্তন সম্পাদক অচ্যুত হাজৰিকা, জ্যেষ্ঠ সাংবাদিক ড° বাবুলাল মোৰ, বোকাখাত মহকুমা কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক তথা সাংবাদিক প্ৰাঞ্জল হাজৰিকা, সাংবাদিক ক্ৰমে ৰঞ্জিত ৰজক, দিব্যজ্যোতি হাজৰিকা, ৰাজীৱ বৰা আৰু প্ৰদীপ হাজৰিকা আদিৰ লগতে বোকাখাতৰ একাংশ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক, বিশিষ্ট ক্ৰিয়া সংগঠক তথা ড° ৰুবী বৰাৰ ভাতৃ মনোজ বৰা, বোকাখাতৰ বহু সংখ্যক দল-সংগঠনৰ প্ৰতিনিধি, বিশিষ্ট লেখক অলকানন্দ কাকতি, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী চখিনা বেগম, উদীয়মান যুৱ নাট পৰিচালক তৰুণ তীৰ্থ শইকীয়া, সমূহ প্ৰতিযোগীৰ অভিভাৱক, উদ্যোক্তা ড° ৰুবী বৰাৰ পৰিয়ালবৰ্গ ক্ৰমে মাতৃ মাকন বৰা, জীৱেশ্বৰ বৰা, ৰুমী বৰা, মনোজ বৰা, ৰীতা বৰা, অনুভৱ বৰা, অভিনৱ বৰা, মৌচুমী বৰা, বুলু শইকীয়া আদিৰ লগতে বোকাখাতৰ গৰিষ্ঠ সংখ্যক গণ্যমান্য ব্যক্তি।

প্ৰতিযোগিতাখন সুন্দৰ আৰু সুশৃংখলভাৱে সম্পন্ন হৈ যোৱাৰ বাবে উপস্থিত সকলো ব্যক্তিৰ লগতে প্ৰতিযোগিতাখনিৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ পৰা প্ৰতিযোগিতাৰ অন্তলৈ ওতঃপ্ৰোতভাৱে সহায়ৰ হাত আগবঢ়োৱা সমূহ স্বেচ্ছাসেৱক, প্ৰচাৰৰ দায়িত্বত থকা ছপা-বৈদ্যতিন সাংবাদকৰ্মী সকল আৰু শুভচিন্তক সকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে অহা ১৫ জুনত এই প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে প্ৰতিযোগিতাৰ মুখ্য সম্পাদক ৰূপজ্যোতি ভড়ালীয়ে।

Tags: বোকাখাত
Share4Tweet3Send

Related Posts

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

by News Desk
May 4, 2026
50
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ
Assam

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

by News Desk
May 4, 2026
50
Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল
Assam

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

by News Desk
May 4, 2026
50
Congress MP Gaurav Gogoi’s Emotional Plea to Honor Language Martyrs by Renaming Silchar Railway Station
Assam

Assam Election 2026 । গৌৰৱ গগৈ পৰাস্ত, ১০০ অতিক্ৰম কৰাৰ দিশে বিজেপি

by Staff Reporter
May 4, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

by Staff Reporter
May 4, 2026
50
Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

by News Desk
April 29, 2026
50
ADVERTISEMENT
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026
50
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক
National-International

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx