![]()
ভয়ংকৰ দুৰ্ঘটনাৰ কবলত ঋষভ পণ্ট Rishav Pant। শুকুৰবাৰে পুৱাতেই তেওঁৰ গাড়ী দুৰ্ঘটনাৰ সন্মুখীন হয়। ঋষভ পণ্ট বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰি ঢাকাৰ পৰা দিল্লীলৈ উভতি আহিছিল।

তাৰ পৰা পণ্ট উত্তৰাখণ্ডৰ নিজৰ ঘৰলৈ উভতি আহি থকাৰ সময়তে তেওঁৰ গাড়ীখনে ডিভাইডাৰত খুন্দা মাৰে। ভাৰতীয় উইকেটকীপাৰগৰাকীয়ে মূৰত আঘাত পায়। পিঠিতো একাধিক আঘাতৰ চিন আছে।
পণ্ট নিজেই গাড়ীখনৰ চালকৰ আসনত আছিল। দিল্লী Delhi-ডেৰাডুন Dehradun ৰ ঘাইপথত ৰুৰকীৰ সমীপত ডিভাইডাৰত খুন্দা মাৰে গাড়ীখনে। ইয়াৰ পিছতে গাড়ীখনত জুই লাগে।
পণ্টক প্ৰথমে হামাদপুৰ ঝালৰ সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পিছত তেওঁক ডেৰাডুনৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে। কেনেদৰে দুৰ্ঘটনা সংঘটিত হʼল, গাড়ীখনত কেনেকৈ জুই লাগিল, সেই বিষয়ে এতিয়াও আনুষ্ঠানিকভাৱে জনোৱা হোৱা নাই।












