মহেন্দ্ৰ সিং ধোনী এনে এগৰাকী ক্ৰিকেটাৰ যাৰ অনুৰাগীৰ শাৰী ইমানেই দীঘলীয়া যে গণি শেষ কৰিব নোৱাৰি। কিন্তু, লগতে এইটোও ঠিক যে এই ক্ৰিকেটাৰ গৰাকীৰ মন বুজাটো বৰ কঠিন।
যোৱা বছৰৰ আই পি এলৰ কোচিত এটা মিনি নিলাম অনুষ্ঠিত হয়। এই নিলামত অলৰাউণ্ডাৰ বেন ষ্টকছক বৃহৎ পৰিমাণত ক্ৰয় কৰা হৈছিল আৰু বিধ্বংসী ফাষ্ট বলাৰ এগৰাকীক অতি কম মূল্যত দলটোত যোগ কৰা হৈছিল। আচৰিত যে, ধোনীৰ টীমে ১ কোটি টকা মূল্যত ক্ৰয় কৰা খেলুৱৈ জনক বিগত চিজনৰ সময়ত ১৫ কোটি টকাত ক্ৰয় কৰে বিৰাট বাহিনীয়ে।
উল্লেখ্য যে, ২০২৩ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ বাবে চেন্নাই চুপাৰ কিংছে এটা ভাল দল প্ৰস্তুতিৰ মানস কৰিছে। চেন্নাই চুপাৰ কিংছে সেইবাবে উৎকৃষ্ট মানদণ্ডৰ খেলুৱৈ সকলক বাছনি কৰি তেওঁলোকৰ ওপৰত বিনিয়োগ কৰিছিল।
য’ত অলৰাউণ্ডাৰ বেন ষ্ট’কচক নতুন অধিনায়ক পদৰ বাবে নিৰ্বাচিত কৰা হৈছিল তাতেই আকৌ নিউজিলেণ্ডৰ অলৰাউণ্ডাৰ কাইল জেমিচনক দলটোৱে ১ কোটি টকাত দলটোত যোগ কৰোৱা হৈছিল।