![]()
চীনত China ভয়ৰ সৃষ্টি কৰা কৰোনা Corona ভাইৰাছৰ মডেল BF.7। খবৰ পোৱা গৈছে যে দেশখনত প্ৰতিদিনে ১০ লাখৰো অধিক লোক এই নতুন উপপ্ৰকাৰৰ দ্বাৰা আক্ৰান্ত হয়। কিন্তু বিশেষজ্ঞসকলে দাবী কৰিছে যে এই নতুন ৰূপৰ কোভিড ইতিমধ্যে আছিল আৰু চীন এই ভাইৰাছত জুৰুলা হোৱাৰ পূৰ্বে যোৱা ২ বছৰত ৯১খন দেশত বিয়পি পৰিছিল।

স্ক্ৰিপছ ৰিচাৰ্চ ইনষ্টিটিউটে প্ৰকাশ কৰা তথ্য অনুসৰি, বি এফ.৭ৰ জিন গঠন আৰু চৰিত্ৰ ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৯১খন দেশত বিয়পি পৰা কৰোনা ভাইৰাছৰ আৰ্হিৰ সৈতে মিল খাইছিল। কিন্তু এই ৯১খন দেশত ই তথ্যমতে বিশেষ প্ৰভাৱ বা ক্ষতি বিয়পাব পৰা নাই। “INSACOG” ৰ এজন ভাৰতীয় বিজ্ঞানীয়ে কয় যে পিছলৈ এই প্ৰট’টাইপৰ নাম BF.7 দিয়া হৈছিল।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত INSACOG-এ ৩০ ডিচেম্বৰ ২০২০ত কোভিডৰ জিনোম ছিকুৱেন্সিং আৰু ভাইৰাছৰ বৈশিষ্ট্য নিৰ্ণয় আৰু নিৰীক্ষণৰ বাবে সৃষ্টি কৰা হৈছিল। BF.7, কৰোনাৰ অমিক্ৰন ৰূপ। বিভিন্ন ভাইৰোলজিষ্ট আৰু মহামাৰী বিশেষজ্ঞই এই নতুন ভিন্নতাক এতিয়াৰ বাবে বিশেষ চিন্তাৰ বিষয় বুলি নাভাবে।
বিগত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত চিনাক্ত হোৱাৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে প্ৰায় ৪৮ হাজাৰ কৰোনা ৰোগীৰ নমুনা পোৱা গৈছে বুলিও বিশেষজ্ঞসকলে দাবী কৰিছে।
Insacogʼs Genome Sequencing গৱেষকে সংবাদ মাধ্যমক জনাইছে, “যোৱা ২২ মাহত কেইবাখনো দেশত ইয়াৰ উপস্থিতি সত্ত্বেও BF.7-এ বিশেষ ক্ষতি কৰা নাই। গতিকে এতিয়া ভয় কৰাৰ কোনো কাৰণ নাই।”
তেনেহলে, BF.7-ক লৈ ইমান আতংক কিয়? কাৰণ চীনে এই ধৰণৰ আগ্ৰাসী মনোভাৱ দেখিছে। কিন্তু ভাৰতীয় বিজ্ঞানীসকলে দাবী কৰিছে যে সেই দেশত কৰোনা ভেকচিনৰ প্ৰতি উদাসীনতাই হঠাৎ সংক্ৰমণ বৃদ্ধিৰ অন্যতম কাৰণ।












