![]()
চীনত কৰোনা বৃদ্ধিক লৈ চিন্তিত ভাৰত। পুনৰ আৰম্ভ হʼব নেকি এই ভাইৰাছৰ তাণ্ডব? নৰেন্দ্ৰ মোদীৰ চৰকাৰে অতীতৰ শিক্ষা লাভ কৰি আৰম্ভণিৰে পৰা সতৰ্ক হোৱাৰ পৰিকল্পনা কৰিছে। কেন্দ্রই ইতিমধ্যে সকলো ৰাজ্যলৈ কি কৰিব লাগে সেই সন্দৰ্ভত বিতং নিৰ্দেশনা প্ৰেৰণ কৰিছে।

ইয়াৰ উপৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই শীৰ্ষ বিষয়া-বিশেষজ্ঞৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি কোভিড-১৯ৰ পৰিস্থিতিৰ বুজ লʼবলৈ ওলাইছে। চীনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যকে কৰোনা ভাইৰাছ ধৰা পৰিলে জিনোম ছিকুৱেন্সিঙৰ বাবে নমুনাবোৰ ‘ইনছাগে’লৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ INSACOG-এ ভাৰতত কৰোনাৰ বিভিন্ন প্ৰজাতিৰ (ষ্ট্ৰেইন) সম্পৰ্কে নিয়মীয়া অনুশীলন আৰু গৱেষণা চলাই আছে। জাপান, আমেৰিকা, কোৰিয়া, ব্ৰাজিল আৰু চীনত হঠাৎ কৰোনা ভাইৰাছৰ উত্থানৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহত জিনোম ছিকুৱেন্সিং প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষনে সকলো ৰাজ্যলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।
যাতে কৰোনাৰ ৰূপ (ভেৰিয়েণ্ট) আৰু ইয়াৰ অগ্ৰগতিৰ বিষয়ে বিশদ ধাৰণা গঢ়ি তোলা সম্ভৱ হয়। যাতে ভৱিষ্যতে কোনো নতুন ৰূপ বা প্ৰজাতি বিপদজনক হোৱাৰ আগতেই প্ৰয়োজনীয় ব্যৱস্থা কৰিব পৰা যায়। এই মুহূৰ্তত ভাৰতত কৰোনা সংক্ৰমণ নিম্ন স্তৰত আছে। যোৱা ২৪ ঘন্টাত সমগ্ৰ দেশত ১১২ জন নতুনকৈ সংক্ৰমণ ঘটিছে। যিটো সোমবাৰৰ তুলনাত বহু কম।
সোমবাৰে ভাৰতত আক্ৰান্তৰ সংখ্যা আছিল ১৮১ জন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৩,৪৯০ জন। যোৱা ২৪ ঘন্টাত ভাৰতত কৰোনা সংক্ৰমণৰ বাবে ৩ জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত দুজন কেৰালাৰ, এজন মহাৰাষ্ট্ৰৰ। ফলত ভাৰতত মুঠ কৰোনা মৃত্যুৰ সংখ্যা ৫ লাখ ৩০ হাজাৰ ৬৭৭ জনলৈ বৃদ্ধি পাইছে।
এফালে যেতিয়া কৰোনা বৃদ্ধিৰ ভয় হৈছে, আনফালে আছে ৰাজনীতিৰ ৰং। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীলৈ পত্ৰ লিখিছে। কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাত কৰোনা নিয়ম কঠোৰভাৱে পালন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আনহাতে, যিসকল লোকক টীকা দিয়া হোৱা নাই তেওঁলোকক এই যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ দিয়া নহʼব বুলিও আহ্বান জনায় ।
তেওঁ লগতে লিখিছে যে কংগ্ৰেছ নেতাসকলে কৰোনা নিয়ম সঠিকভাৱে পালন নকৰিলে যাত্ৰা স্থগিত ৰখাৰ সিদ্ধান্ত ল’ব লাগে। একেখন পত্ৰ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটলৈয়ো প্ৰেৰণ কৰা হৈছে। কংগ্ৰেছেও প্ৰত্যুত্তৰ দিয়ে। পৱন খেৰাৰ দাবী যে কেন্দ্ৰই এটা বিশেষ ৰাজনৈতিক দলৰ কাৰ্যসূচীত হেঁচা সৃষ্টি কৰি যাত্ৰা বন্ধ কৰাৰ কৌশল গ্ৰহণ কৰিছে। ইয়াৰ আঁৰৰ মূল কাৰণ কোভিড-ভয় নহয়, মোদীৰ কংগ্ৰেছ-ভয়।












