যোৱা 13 নৱেম্বৰৰ পৰা ডিফু (Diphu)ৰ পাঁচ মাইল (Five mile)স্থিত চাই খেলপথাৰ (Sai Play ground)ত ডিফু ল’ বাজেট ক্লাব (Law Budget Club)ৰ উদ্যোগত আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থা (Karbi Anglong Sports Association)ৰ সহযোগত চলি থকা উইনটাৰ ক্ৰিকেট টুৰ্ণামেণ্ট (Winter Cricket Tournament)ৰ চূড়ান্ত খেলত ডিফু ৱাৰিৱৰ্চে (Diphu Warriors) চূড়ান্ত খিতাপ (Final Title) অৰ্জন (Acquisition) কৰিবলৈ সক্ষম হৈছে ।
আজি ডিমাপুৰ বুলছ (Dimapur Bulls) আৰু ডিফু ওৱাৰিৱৰ্ছৰ (Diphu Warriors) মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেলত ডিফু ৱাৰিঅৰ্চে ডিমাপুৰ বুলচক ৮৩ ৰনৰ বিশাল ব্যবাধনত হেৰুৱাই চুড়ান্ত খিতাপ দখল কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ অনুসৰি নিৰ্ধাৰিত ২০ অভাৰৰ খেলত ডিফু ওৱাৰিৱৰ্ছ টছত জিকি প্ৰথমে বেট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি সম্পূৰ্ণ অভাৰত ৭ উইকেটৰ বিনিময়ত ১১৩ ৰাণ কৰি ডিমাপুৰ বুলছক ১১৪ ৰানৰ লক্ষ্য বান্ধি দিয়ে।
ডিমাপুৰ বুলছে নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি ১২’১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ২৯ ৰাণ কৰিবলৈ সক্ষম হয়। ৩’১ অভাৰ বলিং কৰি ৪ টা উইকেট দখল কৰা ডিফু ওৱাৰিৱৰ্ছৰ ৰবি ছেত্ৰীক মেন অৱ দা মেচৰ সন্মানেৰে সন্মানিত কৰা হয় । বিজয়ী দল ডিফু ওৱাৰিৱৰ্ছে লগতে ৭০ হাজাৰ টকা (Rs 70,000) প্ৰাইজমনি লাভ (Prize money gains) কৰাৰ বিপৰীতে বিজেতা দল ডিমাপুৰ বুলচে ট্ৰফীৰ লগতে ৪০ হাজাৰ টকাৰ প্ৰাইজমনী লাভ কৰে । বঁটা বিতৰণী অনুষ্ঠানত এম এ চি ফেনপিগা ৰেঙমা কাছাৰ সাধাৰণ সম্পাদক ড: পংকজ টেৰণ উপস্থিত থাকে ।