হুইস্কিৰ বটলত তৰল কোকেইন সৰবৰাহৰ চেষ্টা। মুম্বাই বিমানবন্দৰত জব্দ ২০ কোটি টকাৰ ড্ৰাগছ জব্দ। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (ডি আৰ আই) এক বিবৃতিত এই কথা সদৰী কৰে। ডি আৰ আইৰ বিষয়াসকলে বিশেষ সূত্ৰৰ পৰা জানিব পৰে যে লাগোছৰ পৰা আদিছ আবাবা হৈ মুম্বাইলৈ ড্ৰাগছ আহিব পাৰে। ২৪ নৱেম্বৰত ড্ৰাগছ লৈ মুম্বাই বিমানবন্দৰত উপস্থিত হʼব পাৰে সন্দেহজনক লোকজন।
ইয়াৰ পিছত ডি আৰ আইয়ে বিমানবন্দৰত চোৰাংচোৱাগিৰি বৃদ্ধি কৰিলে। অৱশেষত মুম্বাই বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয় সন্দেহজনক লোকজনক। তেওঁৰ বেগত ১ লিটাৰৰ হুইস্কিৰ দুটা বটল উদ্ধাৰ হয়। বটলটোৰ ভিতৰৰ তৰল পদাৰ্থটো পৰীক্ষা কৰি কোকেইনৰ উপস্থিতি ধৰা পৰে।
হুইস্কিৰ দুটা বটলৰ ওজন আছিল ৩.৫ কিলোগ্ৰাম।
সেই লৈ সন্দেহ প্ৰকাশ কৰে ডি আৰ আইৰ বিষয়াসকল। বিবৃতিটোত কোৱা হৈছে যে বটলত তৰল পদাৰ্থৰ সৈতে কোকেইন মিহলি কৰা হৈছিল। ফলত চিনাক্ত কৰাটো কঠিন আছিল। এই ধৰণৰ ড্ৰাগছ সৰবৰাহৰ কৌশল আগতে ধৰা পৰা নাই। ডি আৰ আইয়ে তদন্ত কৰি আছে মুম্বাইৰ কʼলৈ এই ড্ৰাগছ চোৰাংকৈ অনা হৈছিল।