![]()
বিশ্বকাপ (World Cup)ৰ প্ৰথমখন মেচ (first match)ত পৰ্তুগাল (Portugal)ৰ হৈ খেলাৰ পূৰ্বে মানচেষ্টাৰ ইউনাইটেড (Manchester United)ৰ পৰা বিচ্ছেদ (Separation) ঘটিল ক্রিষ্টিয়ানো ৰোনাল্ডো (Cristiano Ronaldo)ৰ৷ একে সময়তে প্ৰশ্ন উত্থাপন হৈছে, কোনটো ক্লাবলৈ যাব তেওঁ? স্পেনিছ প্ৰেছৰ এক খবৰ মতে, ডিয়েগো মাৰাডোনা (Diego Maradona)ৰ পূৰ্বৰ ক্লাবত যোগদান কৰিবলৈ ওলাইছে ৰোনাল্ডো।

স্পেইনৰ “মাৰ্কা” (Marka) কাকত (Paper)ত প্ৰকাশ পাইছে যে ৰোনাল্ডোৱে নাপোলি (Napoli)ত যোগদান (Joining) কৰিব পাৰে। অৰ্থাৎ তেওঁ ইটালীৰ ঘৰুৱা লীগলৈ ঘূৰি আহিব পাৰে।মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰাৰ পূৰ্বে ৰোনাল্ডোৱে জুভেন্টাছত তিনি বছৰ কটায়।
পৰ্তুগীজ ফুটবলাৰসকলে নিজৰ প্ৰতিদ্বন্দ্বী ক্লাবত যোগদান কৰিব পাৰিব। বৰ্তমান ইটালীৰ ঘৰুৱা লীগৰ শীৰ্ষত আছে নাপোলি। এখনো মেচত পৰাস্ত হোৱা নাই। ১১খন খেলত ২৯ পইণ্ট লাভ কৰে। চেম্পিয়নছ লীগতো খেলি আছে।
বিগত সময়ত মাৰাডোনাই এককভাৱে এই ক্লাবটোক তলৰ ৰেংকৰ পৰা উঠাই আনিছিল লৈছিল। ক্লাবটোৱে দুবাৰকৈ ঘৰুৱা লীগত জয়লাভ কৰে। জীৱনৰ আটাইতকৈ ভাল আৰু বেয়া সময়বোৰ তেওঁ নাপোলিত কটায়। নাপোলি অৱস্থিত নেপলছ চহৰত এতিয়াও প্ৰয়াত মাৰাডোনাক দেৱতা হিচাপে পূজা কৰা হয়।
এই ষ্টেডিয়ামৰ নামো মাৰাডোনাৰ নামেৰে ৰখা হৈছে। গতিকে ৰোনাল্ডো সেই ক্লাবলৈ যোৱাটো যে এক ডাঙৰ কথা হʼব তাত কোনো সন্দেহ নাই। এতিয়া কথাটো হʼল নাপোলিৰ পৰাও কিবা আগ্ৰহ দেখুওৱা হৈছেনে নাই।
বহুতে আকৌ কয় যে ৰোনাল্ডো মানচেষ্টাৰৰ পৰা লণ্ডনলৈ যাব পাৰে। চেলছীত যোগদান কৰিব পাৰে। ৰোনাল্ডোৰ এই ছিজনৰ আৰম্ভণিতে চেলছীলৈ যোৱাৰ কথাও প্ৰকাশ পাইছিল। কিন্তু সেই সময়ৰ প্ৰশিক্ষক থমাছ টুচেলে ৰোনাল্ডোক চুক্তিবদ্ধ কৰাৰ তীব্ৰ বিৰোধিতা কৰিছিল। এতিয়া টুচেল চেলছীৰ প্ৰশিক্ষক নহয়। শুনা গৈছে যে বৰ্তমানৰ প্ৰশিক্ষক গ্ৰেহাম পটাৰে ৰোনাল্ডোক নিবলৈ আগ্ৰহী।
যদি কোনো বিকল্প নাথাকে তেন্তে ৰোনাল্ডো পুনৰ নিজৰ দেশলৈ ঘূৰি আহিব পাৰে। তেওঁ ফুটবল কেৰিয়াৰ আৰম্ভ কৰা ক্লাব স্পোৰ্টিং লিছবনত যোগদান কৰিব পাৰে। ৰোনাল্ডোৰ মাতৃয়ে পুত্ৰক ঘৰলৈ উভতি যাবলৈ বাৰে বাৰে অনুৰোধ কৰিছিল। মাকৰ কথাৰ প্ৰতি ৰোনাল্ডোৱে সঁহাৰি দিবনে নাই সেয়া সময়ে ক’ব।













