শেষবাৰৰ বাবে মানুহে চন্দ্ৰৰ মাটিত ভৰি দিছিল ডেৰ শতিকাৰ আগতে। এইবাৰ আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰ নাছাই NASA আভাস দিলে যে তাত ঘৰ তৈয়াৰ কৰি বসবাসযোগ্য কৰি তুলিবলৈ পৰিকল্পনা চলি আছে।শেহতীয়াকৈ নাছাই আৰ্টেমিছ-১ NASA Artemis-1 I মহাকাশযান চন্দ্ৰত সফলতাৰে অৱতৰণ কৰিছে।
অৰিয়ন চন্দ্ৰযান অভিযানৰ অন্যতম অভিযন্তা হাৱাৰ্ড হুৱে এক সাক্ষাৎকাৰত কয়, “২০৩০ চনৰ ভিতৰত মানুহে চন্দ্ৰত জীয়াই থাকিবলৈ আৰম্ভ কৰিব পাৰিব। আমি মানুহক চন্দ্ৰলৈ পঠাম। তেওঁলোক তাতেই থাকিব। তাৰ পৰাই বৈজ্ঞানিক গৱেষণা কৰিব।”
অৱশ্যে সকলো প্ৰস্তুতিৰ পিছতো যোৱা কেইমাহমানৰ পৰা আৰ্টেমিছ-১ৰ উৎক্ষেপণ কেইবাবাৰো স্থবিৰ হৈ পৰে। পিছত মহাকাশযানখন সফলতাৰে অৱতৰণ কৰে। কিন্তু এইবাৰ কোনো মানুহ পঠোৱা নহʼল। এই উৎক্ষেপণৰ লক্ষ্য আছিল যানখন সফলতাৰে চন্দ্ৰৰ ওচৰ পাবলৈ আৰু ঘূৰি আহিবলৈ সক্ষম হ’বনে নাই সেইটো পৰীক্ষা কৰা। অহাবাৰ মহাকাশচাৰীক কঢ়িয়াই নিব পাৰিব বুলি আশা কৰিছে হুৱে।
১৯৭২ চনত মানুহে শেষবাৰৰ বাবে চন্দ্ৰত ভৰি দিছিল। নাছাৰ পৰিকল্পনা অনুসৰি চন্দ্ৰ অনুসন্ধানৰ পৰৱৰ্তী অভিযানত বিজ্ঞানীসকলে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত ভৰি দিব। প্ৰায় এসপ্তাহমান তাত পানী বিচাৰিব। যদি সেই অভিযান সফল হয় তেন্তে পৰৱৰ্তী গন্তব্যস্থান হʼব মঙল গ্ৰহ। খনিজ পদাৰ্থৰ সন্ধান আৰু গৱেষণা অব্যাহত ৰাখিবলৈ এইবাৰ মানুহে চন্দ্ৰৰ মাটিত জীয়াই থকাৰ ব্যৱস্থা কৰিব।