কোভিড Covid মহামাৰীৰ পূৰ্বে কৰ্কট ৰোগ আছিল বিশ্বজুৰি মৃত্যুৰ অন্যতম প্ৰধান কাৰণ। এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে কোভিডৰ পিছত এইবাৰ কেন্সাৰেও মহামাৰীৰ ৰূপ লʼব পাৰে। কোভিডৰ প্ৰভাৱৰ বাবে ইউৰোপৰ কৰ্কট ৰোগৰ চিকিৎসা খণ্ডই এটা দশকৰ পিছত অধিক জটিল পৰিস্থিতিৰ সন্মুখীন হʼব।
লেন্সেট অংকোলজীত প্ৰকাশিত এক অধ্যয়নত ইউৰোপীয় গ্ৰাউণ্ডশ্বট কমিছন অন কেন্সাৰ ৰিচাৰ্চে সমগ্ৰ ইউৰোপৰ কৰ্কট ৰোগীৰ বিগত ১২ বছৰৰ বিশদ তথ্য সংগ্ৰহ কৰিছে। এই অধ্যয়নত দেখা গৈছে যে যোৱা দুবছৰত সমগ্ৰ ইউৰোপত প্ৰায় ১০ লাখ ৰোগীয়ে কৰ্কট ৰোগৰ চিকিৎসাত অৱহেলিত হৈছিল। যোৱা দুবছৰ ধৰি সমগ্ৰ বিশ্বতে চিকিৎসালয় আৰু চিকিৎসা কেন্দ্ৰলৈ যোৱাক লৈ আতংকৰ সৃষ্টি হৈছে।
চিকিৎসালয়লৈ বা চিকিৎসকৰ ওচৰলৈ যাওঁতে বহু লোকৰ সংক্ৰমণ হোৱাৰ ভয় আছিল। আতংকটো সম্পূৰ্ণ ভিত্তিহীনো নাছিল। ইউৰোপীয় চৰকাৰসমূহে বাৰে বাৰে ভিৰৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছে। চিকিৎসালয়বোৰো ভিৰৰ ঠাই। গতিকে কেন্সাৰ ৰোগীসকলেও সেই ঠাই এৰাই চলিছিল।
ইউৰোপৰ প্ৰায় ১৫ লাখ কৰ্কট ৰোগীৰ কোভিডৰ প্ৰথম বছৰটোত কোনো তথ্য নাছিল বুলি অধ্যয়নটোত প্ৰকাশ পাইছে। অৰ্থাৎ এই সময়ছোৱাত তেওঁলোকৰ কোনো কেমোথেৰাপি বা অস্ত্ৰোপচাৰ কৰা নাছিল। বহু ক্ষেত্ৰত প্ৰাৰম্ভিক পৰ্যায়ৰ কৰ্কট ৰোগীৰ কোনো লক্ষণ দেখা নাযায়। এই সময়ত যদি চিকিৎসা আৰম্ভ কৰা হয়, তেন্তে আৰোগ্যৰ পথ তুলনামূলকভাৱে মসৃণ হয়।
কিন্তু কৰোনা সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে প্ৰাৰম্ভিক পৰ্যায়ত বাৰে বাৰে চিকিৎসকৰ ওচৰলৈ যাবলৈ বহু ৰোগীয়ে ভয় কৰে। কৰ্কট ৰোগৰ সঠিক চিকিৎসা নকৰিলে কম সময়ৰ ভিতৰতে বৃহৎ ৰূপ লʼব পাৰে। তেনেকুৱাই হʼল৷ গৱেষকসকলৰ মতে কোভিডৰ বাবেই ইউৰোপত কৰ্কট ৰোগীৰ আয়ুস হ্ৰাস পাইছে।