আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই NASA বুধবাৰে ৫০ বছৰৰ পাছত পুনৰ এজন মানুহক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনাৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰে। মঙলবাৰে সংস্থাটোৱে জনোৱা মতে, ২৪ ঘণ্টাৰ ভিতৰত এই মানৱবিহীন মহাকাশযানখন বিশ্বৰ একমাত্ৰ উপগ্ৰহলৈ পাৰ হʼব।

এইবাৰ মানুহক চন্দ্ৰলৈ প্ৰেৰণৰ বাবে নাছাৰ মিছন তিনিটা পৰ্যায়ত হʼব। যাৰ প্ৰথম পদক্ষেপটো হʼল ‘আৰ্টেমিছ ১’। ই এক যাত্ৰীবিহীন অভিযান। ইয়াৰ মূল উদ্দেশ্য হৈছে চন্দ্ৰত অৱতৰণৰ বাবে সম্ভাৱ্য ‘অৱতৰণ স্থান’ চিনাক্ত কৰা। দ্বিতীয় পৰ্যায়তো একে পৰীক্ষা কৰা হʼব। যদি সফল হয় তেন্তে পৰৱৰ্তী মিছনত মানুহ চন্দ্ৰলৈ যাব।
২৯ আগষ্টত আৰ্টেমিছ ১ মুকলি হোৱাৰ কথা আছিল। কিন্তু শেষ মুহূৰ্তত ৰকেটৰ তৰল হাইড্ৰ’জেন লাইনৰ এটা ফুটা ধৰা পৰে। ফলত কাউণ্ট ডাউন আৰম্ভ হোৱাৰ মাজভাগতে ৰৈ যায়৷ অভিযন্তাসকলে বহু চেষ্টাৰ পিছতো সমস্যাটো সমাধান কৰিব নোৱাৰে। ফলত সেইদিনা উৎক্ষেপন বাতিল কৰা হয়।
পিছৰ দিনটো আছিল ২ ছেপ্টেম্বৰ। কিন্তু সেইবাৰো তৰল হাইড্ৰ’জেন টেংকিত ছিদ্ৰ ধৰা পৰে। ফলত মহাকাশ উৎক্ষেপণ ব্যৱস্থাৰ ৰকেটৰ অভিযান পুনৰ বাতিল কৰা হয়। যদিও অৰিয়ান মহাকাশযানক বিকল্প হিচাপে গণ্য কৰা হয়, তথাপিও শেষত নাছাৰ বিজ্ঞানীসকলে বিশ্বৰ আটাইতকৈ শক্তিশালী মহাকাশ উৎক্ষেপণ ব্যৱস্থাৰ ৰকেটৰ ওপৰত নিৰ্ভৰ কৰিছে।
‘আৰ্টেমিছ ১’ উৎক্ষেপণৰ সময়ত ৰকেটৰ তলৰ ৪টা বৃহৎ ইঞ্জিনে ৩ লাখ লিটাৰ ছুপাৰ ক’ল্ড লিকুইড হাইড্ৰ’জেন আৰু অক্সিজেন জ্বলাই বিপুল শক্তি উৎপাদন কৰে। যাৰ সহায়ত মহাকাশৰ মাজেৰে পাৰ হৈ যায়।১৯৬৯ চনত নাছাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডৱিন এলড্ৰিনে প্ৰথমে ‘এপল’-১১’ অভিযানত চন্দ্ৰত ভৰি দিছিল।
১৯৭২ চনত মহাকাশচাৰী জেন চেৰনানৰ সৈতে নাছাৰ ‘এপল’-১৭’ চন্দ্ৰত অৱতৰণ কৰে। সেই ঘটনাৰ অৰ্ধশতিকা বৰ্ষপূৰ্তিত নাছাই পুনৰ মহাকাশচাৰীক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লক্ষ্য লৈছে। তাৰ লগতে আমেৰিকান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেচনেও চন্দ্ৰৰ ওপৰত দীৰ্ঘম্যাদী গৱেষণাৰ আন্তঃগাঁথনি নিৰ্মাণৰ পৰিকল্পনা কৰিছে।