![]()
এটা যুগ পিছত পুনৰ টি-২০ বিশ্বকাপত জয়ী হ’ল ইংলেণ্ড। ২০১৬ চনত ফাইনেলত প্ৰৱেশ কৰিও ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হৈছিল। এইবাৰ সেই ভুলৰ পুনৰাবৃত্তি নকৰিলে। আনহাতে, ৩০ বছৰ পূৰ্বৰ নিশা ঘূৰাই নাপালে পাকিস্তানে। উক্ত বছৰ ইমৰান খানে দেশক ৫০ অ’ভাৰৰ বিশ্বকাপ জয়ৰ সোৱাদ দিলেও ২০ অ’ভাৰৰ বিশ্বকাপ ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰাৰ স্বপ্ন আধৰুৱা হৈ থাকিল পাকিস্তানৰ।

ফাইনেলত জয়ী হৈ পুৰস্কাৰ হিচাবে ১৬ লক্ষ ডলাৰ লাভ কৰিছে ইংলেণ্ডৰ দলটোৱে। অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় ১৩ কোটি টকা। তাৰ উপৰি গ্রুপ পৰ্য্যায়ত তিনিখন মেচত জয়ৰ সুবাদত আৰু ৪০ হাজাৰ ডলাৰকৈ মুঠ ১ লাখ ২০ হাজাৰ ডলাৰ লাভ ইংলেণ্ডৰ। অর্থাৎ মুঠ পুৰস্কাৰ ১৭ লাখ ২০ হাজাৰ ডলাৰ। ভাৰতীয় মুদ্রাত যিটো প্রায় ১৪ কোটি টকাৰ ওচৰত।

আনহাতে, ফাইনেলত পৰাস্ত হোৱাৰ কাৰণে পাকিস্তানে লাভ কৰিছে ৮ লাখ ডলাৰ। যিটো ভাৰতীয় মুদ্রাত চাৰে ৬ কোটি টকাৰ ওচৰত। ইয়াৰ উপৰি গ্রুপ পৰ্য্যায়ত পাকিস্তানেও তিনিখন মেচত জয়লাভৰ বাবে ১ লাখ ২০ হাজাৰ ডলাৰ পাব। মুঠ ৯ লাখ ২০ হাজাৰ ডলাৰ, অর্থাৎ ভাৰতীয় মুদ্রাত চাৰে ৭ কোটি টকাৰ ওচৰত পাব তেওঁলোকে।
উল্লেখ্য, দেওবাৰে বিশ্বকাপ ফাইনেলত পাকিস্তানক পাঁচ উইকেটত পৰাস্ত কৰি চেম্পিয়ন হয় ইংলেণ্ড। চাপত পৰিলেও বেন ষ্টকছে অপৰাজিত ৫২ ৰানৰ ইনিংছ খেলি দলক জয়ৰ সোৱাদ দিয়ে। প্রথমে বেট ধৰি পাকিস্তানে ৮ উইকেটত ১৩৭ ৰান কৰে। প্ৰত্যুত্তৰত ৬টা বল বাকী থকা অৱস্থাতেই ইংলেণ্ড জয়ৰ সীমাত উপনীত হয়।













