![]()
টি-২০ বিশ্বকাপৰ T-20 World Cup ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ১০ উইকেটত লজ্জাজনক পৰাজয়। বিৰাট কোহলী, ৰোহিত শৰ্মাক এইবাৰ টি-২০ৰ পৰা অৱসৰ লʼবলৈ বাধ্য কৰিব নেকি বোৰ্ডে? প্ৰত্যক্ষভাৱে নহʼলেও বোৰ্ডৰ এজন বিষয়াৰ ভাষাত এনে হʼব পাৰে বুলি ইংগিত পোৱা গৈছে। কেইবাগৰাকীও ক্ৰিকেটাৰে হয়তো এই বিশ্বকাপত ভাৰতৰ হৈ অন্তিমখন টি-২০ মেচ খেলিছে।

সংবাদ সংস্থা পিটিআইক বোৰ্ডৰ এজন বিষয়াই কয়, “বোৰ্ডে কাকো অৱসৰ লʼবলৈ কোৱা নাই। ক্ৰিকেটাৰৰ নিজৰ সিদ্ধান্ত। কিন্তু অহা বছৰ টি-২০ মেচ বেছি নহয়। ছিনিয়ৰ ক্ৰিকেটাৰসকলে টেষ্ট আৰু ৱান ডে ক্ৰিকেটত অধিক গুৰুত্ব দিব। ইচ্ছা নহ’লে কোনেও অৱসৰৰ ঘোষণা নকৰিব পাৰে। কিন্তু অহা বছৰ বেছিভাগ ছিনিয়ৰ ক্ৰিকেটাৰক টি-২০ খেলা দেখা নাযাব।”
বৃহস্পতিবাৰে খেলৰ অন্তত ভাৰতীয় প্ৰশিক্ষক ৰাহুল দ্ৰাবিৰে টি-২০ৰ পৰা বিৰাট আৰু ৰোহিতৰ অৱসৰ সন্দৰ্ভত কয়, “এতিয়া ইয়াক লৈ কোনো কথা কোৱা উচিত নহয়। দুবছৰ সময় আছে। এনেকুৱা এখন খেলৰ শেষত এই প্ৰশ্নৰ উত্তৰ দিয়া অসম্ভৱ। দলটোত কিছুমান ভাল ক্ৰিকেটাৰ আছে। আগন্তুক দিনত বহু খেল অনুষ্ঠিত হ’ব। সেইবোৰত খেলি কোনোবাই পৰৱৰ্তী বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাব পাৰে।”

মন কৰিবলগীয়া যে এইবাৰ টি-২০ বিশ্বকাপত খেলা বহু ক্ৰিকেটাৰৰ বয়স ৩৫ বছৰ হʼল। দীনেশ কাৰ্তিকৰ বয়স ৩৭ বছৰ অতিক্ৰম কৰিলে। তেওঁ ছেমি ফাইনেলত খেলা নাছিল। আৰু তেওঁক ভাৰতীয় দলৰ জাৰ্চি পিন্ধা দেখা পোৱাৰ আশা কৰা হোৱা নাই। ৰোহিত শৰ্মা (৩৫ বছৰ), ৰবিচন্দ্ৰন অশ্বিন (৩৫ বছৰ), বিৰাট কোহলী (৩৩ বছৰ), মহম্মদ ছামী (৩২ বছৰ), ভুৱনেশ্বৰ কুমাৰ (৩২ বছৰ), হৰ্ষল পেটেল (৩১ বছৰ), যজুবেন্দ্ৰ চাহাল (৩২ বছৰ) লাভ কৰিছে। পৰৱৰ্তী টি-২০ বিশ্বকাপ দুবছৰ পিছত। তেতিয়া ইয়াৰ ভিতৰৰ কোন কোন ক্ৰিকেটাৰক দেখা পোৱা যাব তাক লৈ বহুতৰে সন্দেহ আছে।













