![]()
টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত ভাৰত। এডিলেইডত ইংলেণ্ডৰ বিৰুদ্ধে ১০ উইকেটত পৰাস্ত হয় ৰোহিত শৰ্মা বাহিনী। প্ৰথমে বেটিং কৰি ভাৰতে ১৬৮ ৰান সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়াই বিধ্বংসী ৬৩ ৰান সংগ্ৰহ কৰে। বিৰাট কোহলীয়ে ৫০ ৰান সংগ্ৰহ কৰে। বিজয় লক্ষ্য আগত লৈ ইংলেণ্ডে ১৬ অ’ভাৰতে বিজয় সাব্যস্ত কৰে।

ইংলেণ্ডৰ হৈ জোছ বাটলাৰ (৮০ অপৰাজিত) আৰু এলেক্স হেলছে (৮৬ অপৰাজিত) বেটিং ধুমুহাৰ সৃষ্টি কৰে।যেনেকৈ বাটলাৰে বেটিং কৰিবলৈ ওলাই অহাৰ পূৰ্বে খেলপথাৰত গধুৰ ৰোলাৰ চলোৱাৰ অৰ্ডাৰ দিছিল, ইংলেণ্ডেও ভাৰতীয় বলিং আক্ৰমণত যথেষ্ট ৰোলাৰ চলাই দিয়ে। ইংলেণ্ডৰ অপেনাৰ দুগৰাকীয়ে পাল পাতি ভাৰতীয় বলাৰক খেলপথাৰৰ বাহিৰলৈ দৌৰাই থাকে।
গোটেই মেচখনত তেওঁলোকে মাত্ৰ এটা কেচহে তুলি দিয়ে। ভাৰতে সেইটোও লʼব নোৱাৰিলে। ইয়াৰ মাজতে মহম্মদ ছামীৰ বলটো অক্ষৰ পেটেলে এৰাৰ আঁৰৰ কাৰণ বিচাৰি নাপালে। ভাৰতীয় বলাৰৰ দৰেই ই আছিল লক্ষ্যহীন।ভাৰতৰ আৰম্ভণিত কোনো অসুবিধা হোৱা নাছিল। কিন্তু লোকেশ ৰাহুল আৰম্ভণিতে উভতি যায়।
অৱশ্যে ডাঙৰ মেচত তেওঁ বেটৰ পৰা ৰান দেখা পোৱা নাযায়।গ্ৰুপ পৰ্যায়ত বাংলাদেশ আৰু জিম্বাবুৱেৰ বিৰুদ্ধে ৰাহুলে অৰ্ধ শতক কৰি ফৰ্মলৈ ঘূৰি অহা বুলি বিবেচিত হৈছিল। কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত যেতিয়া ৰাহুলৰ বেটৰ পৰা অধিক ৰানৰ প্ৰয়োজন হৈছিল, তেতিয়া মাত্ৰ ৫টা বলত ৫ ৰান সংগ্ৰহ কৰি উইকেটকীপাৰৰ হাতত কেচ তুলি দিয়ে। অফ ষ্টাম্পৰ বাহিৰত বল পাচ কৰাৰ দৰে ভুল ছেমি ফাইনেল পৰ্যায়ত মানি লোৱাটো কঠিন।
ৰোহিতে ২৭ ৰান সংগ্ৰহ কৰিছিল যদিও তাৰ বাবে ২৮টা বল খৰচ কৰে। টি-২০ ক্ৰিকেটৰ হিচাপত যিটো একেবাৰে ভাল নহয়। এদিনীয়া ক্ৰিকেটত দ্বিশতক অৰ্জন কৰা বেটছমেনজনৰ দৃষ্টিত কʼব পাৰি যে ছেমি ফাইনেলৰ দৰে ডাঙৰ মেচত এই ৰান গ্ৰহণযোগ্য নহয়। ভাৰতীয় অধিনায়কগৰাকী অৱশ্যে যথেষ্ট দিন ধৰি ৰাণৰ পিছত দৌৰি আছে। এই প্ৰতিযোগিতাত তেওঁ মাত্ৰ এটা অৰ্ধশতকহে অৰ্জন কৰিলে। সেইটোও আহিছিল নেদাৰলেণ্ডৰ দৰে দলৰ বিৰুদ্ধে।
ইনিংছৰ শেষত ভাৰতৰ ১৬৮ ৰানৰ কৃতিত্ব বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াক দিব লাগিব। আজিৰ দিনটোত সূৰ্যকুমাৰ যাদৱেও ১০টা বলত ১৪ ৰান সংগ্ৰহ কৰি উভতি আহে। তেওঁৰ উইকেটটো আদিল ৰছিদে লয়। ৪ অ’ভাৰত ২০ ৰানেৰে এটা উইকেট লাভ কৰি মধ্য অ’ভাৰত ভাৰতৰ ৰানৰ গতি বন্ধ কৰি দিয়া স্পিনাৰজনে।
প্ৰথম ১৫ অ’ভাৰত ভাৰতে মাত্ৰ ১০০ ৰান সংগ্ৰহ কৰে। তাৰ পৰাই হাৰ্দিকে শেষৰ ৫ অ’ভাৰত ৬৮ ৰান সংগ্ৰহ কৰাৰ আঁৰত ডাঙৰ ভূমিকা পালন কৰিছিল।নিজৰ প্ৰিয় এডিলেইড খেলপথাৰত বিৰাটে ৪০টা বলত ৫০ ৰান সংগ্ৰহ কৰে। এফালে দলটোৱে যেতিয়া উইকেট হেৰুৱাইছিল তেতিয়া বিৰাটে উইকেটত খোপনি পুতিছিল। শেষত হাৰ্দিকে বিধ্বংসী ৰূপ লয়। তেওঁ ৩৩টা বলত ৬৩ ৰান সংগ্ৰহ কৰে।

ভাৰতক কম ৰানত সীমাবদ্ধ কৰি ৰখাৰ বাবে ইংলেণ্ডৰ ফিল্ডিঙকো কৃতিত্ব দিব লাগিব। বাটলাৰে ফিল্ডাৰক সঠিক ঠাইত ৰাখিছিল ঠিক যেনেকৈ বলাৰসকলে লাইন আৰু লেংথ ৰাখিছিল। হাৰ্দিকে বেছি চুইপ নামাৰে, তেওঁৰ ফিল্ডিং তেনেকৈয়ে সজোৱা হৈছিল। বিৰাট কোহলীয়ে পুনৰ ষ্ট্ৰেইট ড্ৰাইভ মাৰিব পাৰে, তেওঁৰ বাবে মিড অন, মিড অফ ৰখা হ’ল। পৰিকল্পনা অনুসৰি বলিং কৰি ইংলেণ্ডে আৰম্ভণিৰে পৰাই ভাৰতৰ ৰানৰ গতি ৰোধ কৰিছিল।
১৬৮ ৰান হোৱাৰ পিছত বাটলাৰ আৰু হেলেছে যোৱা বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ কথা স্মৰণ কৰাই দিলে। সেই মেচতো বিৰাট কোহলীয়ে ১০ উইকেটত পৰাস্ত হৈছিল। বৃহস্পতিবাৰৰ ছেমি ফাইনেলতো ১০ উইকেটত পৰাস্ত হয়। পাৱাৰ প্লেত ইংলেণ্ডে ৬৩ ৰান সংগ্ৰহ কৰে। ভুৱনেশ্বৰ কুমাৰ, আৰ্শদীপ সিঙে আৰম্ভণিতে উইকেট লʼব নোৱাৰিলে।
কেৱল আৰম্ভণিতে নহয়, সমগ্ৰ খেলখনত কোনো ভাৰতীয় বলাৰেই এটা উইকেট লʼব পৰা নাছিল। ব্যৰ্থ অধিনায়ক ৰোহিতো। এজনৰ পিছত আনজন বলাৰে মাৰ খালে, কিন্তু তাৰ পিছতো কোনো প্লেন বি উপলব্ধ নহʼল। বাটলাৰেও সহজেই ৰান তুলি লৈছিল। তেওঁ কোনো বলাৰকে ৰেহাই দিয়া নাছিল।
ভুৱনেশ্বৰে ২ অ’ভাৰত ২৫ ৰান, ২ অ’ভাৰত আৰ্শদীপে ১৫ ৰান, অক্ষৰ পেটেলে ৪ অ’ভাৰত ৩০ ৰান, মহম্মদ ছামীয়ে ৩ অ’ভাৰত ৩৯ ৰান, ৰবিচন্দ্ৰন অশ্বিনে ২ অ’ভাৰত ২৭ ৰান আৰু হাৰ্দিকে ৩ অ’ভাৰত ৩৪ ৰান খৰচ কৰে। গোটেই ইনিংছটোত ভাৰতীয় বলাৰৰ সৈতে ল’ৰাধেমালিহে হ’ল। তাৰ লগতে বাটলাৰে ফাইনেলত ভাৰত-পাকিস্তানৰ খেলখনৰ সকলো আশাৰ ওপৰত পানী ঢালি দিলে।













