কৰ্ণাটকৰ বিদাৰ অঞ্চলত এখন অটো আৰু ট্ৰাকৰ সংঘৰ্ষত ৭ গৰাকী মহিলাৰ মৃত্যু হয়। আহত হয় আন ১১ গৰাকী। চিত্তগাপ্পা অঞ্চলৰ এখন গাঁৱৰ সমীপত শুকুৰবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।
সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, মৃত সাতগৰাকী মহিলা শ্ৰমিক। কামৰ অন্তত অটোৰে ঘৰলৈ উভতি আহিছিল। সেই সময়ত অটোখনে এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত সাতগৰাকী মহিলা হৈছে পাৰ্বতী (৪০), প্ৰভাবী (৩৬), গুণ্ডম্মা (৬০), যাদম্মা (৪০), জগম্মা (৩৪), ঈশ্বৰম্মা (৫৫), ৰুক্মিণী বাই (৬০)। এই দুৰ্ঘটনাত অটো আৰু ট্ৰাক চালককে ধৰি ১১জন লোক আহত হয়। ইয়াৰে দুজনৰ শাৰীৰিক অৱস্থা সংকটজনক। এই ঘটনাত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।