![]()
চলিত টি-২০ বিশ্বকাপত ইতিমধ্যে অন্তিম চাৰিত স্থান নিশ্চিত হৈছে নিউজিলেণ্ডৰ। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰো ছেমি ফাইনেলত প্ৰৱেশ কৰাটো প্ৰায় নিশ্চিত বুলিব পাৰি। আনহাতে, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজৰ পৰা আনটো দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। আনহাতে, চলিত বিশ্বকাপত ভাৰত বনাম পাকিস্তানৰ মেচ ইতিমধ্যে হৈ গৈছে। তাত দর্শক আছিল ৯০ হাজাৰৰ অধিক। ফাইনেলতো সিমান সংখ্যক দর্শক থাকিব বুলি অনুমান কৰা হৈছে। এখন দুর্দান্ত ফাইনেলৰ অপেক্ষাত এতিয়াৰ পৰাই আছে ক্ৰিকেটপ্ৰেমী।

তাৰ মাজতে মেলবোর্নত ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়াই ফাইনেল খেলিব বুলি ভৱিষ্যতবাণী কিংবদন্তি অজি অধিনায়ক ৰিকি পন্টিঙৰ। তেওঁ কয়, ‘মেলবোর্নত কোনে খেলিব সেয়া এতিয়াই কোৱাটো সম্ভব নহয়। কিন্তু মোৰ মতে ভাৰত ও অষ্ট্ৰেলিয়াই ফাইনেল খেলিব।’ ইয়াৰ পিছত পন্টিঙৰ সংযোজন, ‘অষ্ট্ৰেলিয়াই বহুকেইটা বিভাগত উন্নতি কৰিব লাগিব। লগতে ভাৰতে বুমৰাহৰ অভাৱ অনুভৱ কৰিছে। কিন্তু নকআউট পর্বত খেল বেলেগ। আশাকৰো দুয়োটা দলেই নতুন পৰিকল্পনা লৈ নামিব।’













