![]()
এইবাৰ টি-২০ বিশ্বকাপত বাংলাদেশক ৫ ৰানত পৰাস্ত কৰি ভাৰতে পুনৰ জয়লাভ কৰে। লগে লগে গ্রুপৰ পইণ্ট তালিকাত ৬ পইণ্ট লৈ শীৰ্ষস্থান দখল কৰে। কিন্তু এটা সময়ত ভাৰতৰ বাবে কঠিন প্ৰত্যাহ্বান জনাইছিল বাংলাদেশে।
কিয় ভাৰত জয়ী হʼল? দহটা কাৰণ বিচাৰি পালে সংবাদ মাধ্যমে।
এক, বিৰাট কোহলীৰ বেটিং। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকী ফর্মত আছে৷ ৪৪টা বলত অপৰাজিত ৬৪ ৰান নকৰিলে ভাৰতে ১৮৪ ৰান কৰিব নোৱাৰিলেহেঁতেন৷
দুই, ভাৰতে শেষৰ দুটা অ’ভাৰত ২৭ ৰান সংগ্ৰহ কৰে। সেইটোৱেই শেষত খেলখনত পাৰ্থক্য আনে।

তিনি, লোকেশ ৰাহুলৰ ছন্দ। অ’ভাৰৰ মাজভাগত আউট হʼলেও আৰম্ভণিতে বাংলাদেশৰ বলাৰসকলক প্ৰত্যাহ্বান জনায়। বিশেষকৈ পাৱাৰ প্লেৰ প্ৰথম ৬ অ’ভাৰত ৰাহুল যেন মাত্ৰ অলপ লেহেমীয়া হৈ পৰে। ৰোহিত, বিৰাট কোহলীয়ে পাৱাৰ প্লেৰ সুবিধা একেবাৰেই লʼব নোৱাৰিলে।
চতুৰ্থ, পঞ্চম অ’ভাৰত টাস্কিন আহমেদে বাৰে বাৰে বিৰাট কোহলীক পৰাস্ত কৰে। উক্ত অভাৰটোত কোহলী আউট হʼবলগা আছিল। ৰোহিতৰ উইকেটৰ পাছত যদি বাংলাদেশে কোহলীক ঘূৰাই পঠিয়াব পাৰিলেহেঁতেন তেন্তে এই মেচত ভাৰতে জয়ী নহʼলহেঁতেন৷
পাঁচ, পাৱাৰ প্লেৰ প্ৰথম ৬ অ’ভাৰত ভাৰতে মাত্ৰ ৩৭ ৰানহে সংগ্ৰহ কৰে। পৰৱৰ্তী চাৰি অ’ভাৰত ভাৰতে ৪৯ ৰান সংগ্ৰহ কৰে। এইখিনিতে ৰোহিতৰ দলটোৱে বহু দূৰ আগবাঢ়ি যায়।

ছয়, বৰষুণৰ পিছত খেল আৰম্ভ হোৱাৰ লগে লগে ভাৰতে খেলখনলৈ উভতি আহে। লিটন দাসৰ ৰান আউটে খেলখনৰ মোৰ ঘূৰাই আনিলে। প্ৰত্যক্ষ থ্ৰোৰে তেওঁক ঘূৰাই পঠায় লোকেশ ৰাহুলে। তেতিয়া লিটনক ৰখাব পৰা অৱস্থাত নাছিল। ২৭টা বলত ৬০ ৰান সংগ্ৰহ কৰা অপেনাৰজনে যেন কেৱল বাংলাদেশক জয়ী কৰাবলৈকেহে আহিছিল তেনে লাগিছিল।
সপ্তম, লিটন ৰান আউট হোৱাৰ লগে লগে ভাৰতীয় বলাৰসকলৰ মাজত আশা জাগি উঠিছিল। ইটোৰ পিছত সিটোকৈ উইকেট দখল কৰে মহম্মদ ছামি, আৰ্শদীপ সিঙে। মাজতে আৰ্শদীপে এটা অ’ভাৰত চাকিব আল হাছান আৰু আফিফ হোছেইনক ঘূৰাই পঠায়।
আঠ, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনত ভাৰতে ৰান আউট পোৱাৰ সুযোগ নষ্ট কৰি মূল্য ভৰিবলগীয়া হৈছিল। এই মেচখনত ভাৰতে এক ডাঙৰ ফিল্ডিং কৰিলে।
নৱম, শেষত ৰোহিত শৰ্মাই মূৰ ঠাণ্ডা ৰাখে। মাত্ৰ এমুঠিমান বল থাকিলেও ভাৰতীয় বলাৰসকলে ডেথ অভাৰত অতি ভাল বলিং কৰে।
দহ, উৎকৃষ্ট অধিনায়কত্ব ৰোহিতৰ। অক্ষৰ পেটেলক মাত্ৰ এটা অ’ভাৰ। কাৰণ তেওঁ দেখিছিল যে বেছিভাগ বাংলাদেশী বেটছমেন বাওঁহাতৰ। এই কথা দেখি তেওঁ বাওঁহতীয়া অক্ষৰক লয়।













