![]()
শেহতীয়াকৈ বোকাজান মহকুমাৰ বিভিন্ন স্থানত উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীৰ বাবে মহকুমাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।পুনৰ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আজি প্ৰাত:পুৱাতেই বোকাজান বৰপথাৰ আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা ।
প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খনৰৰ ভিত্তিত বৰপথাৰ থানাৰ অচিৰ নেতৃত্বত আৰু জি ২০ চি আৰ পি এফ লগতে থানা ষ্টাফৰ সহযোগত খাকৰাজানত এক নাকা তালাছি বহায়।

তলাচি কালত পূৱ প্ৰায় ৬ মান বজাত HR 38x 8093 নম্বৰৰ এখন ট্ৰাকত তালচি চলাই ট্রাক খনৰ পিছফালৰ পৰা অভিযানকাৰী দলটোৱে প্ৰায় ৮ কুইন্টল গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই গানজাখিনি সৰবৰাহৰ লগত জৰিত হাৰিয়ানাৰ সেৱা সিং (৩৬)ক আটক কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অভ্যাসত ৰাখিছে বুলি জানিব পৰা গৈছে ।













