![]()
আজি মেলবৰ্ণত আই চি চি টি-২০ বিশ্বকাপৰ চুপাৰ-১২ ৰ ভাৰত-পাকিস্তানৰ শ্বাসৰুদ্ধকৰ মেচ। ভাৰতে পাকিস্তানক ৪ টা উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়।
ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি প্ৰথমে পাকিস্তানক বেট ধৰিবলৈ দিয়ে। পাকিস্তানৰ দলটোৱে ৮ টা উইকেটৰ বিনিময়ত ১৫৯ ৰাণ কৰে।
পাকিস্তানৰ খেলুৱৈ শ্বাহ মাচুদ আৰু ইফটিখাৰ আহমেদে অৰ্ধ শতক অৰ্জন কৰে আৰু আনহাতে ১৬০ ৰাণৰ লক্ষ্য লৈ বেটিঙত নামে ভাৰতীয় দল। প্ৰথমাৱস্থাত ভাৰতীয় দলে এক হেঁচাৰ সন্মুখীণ হ’লেও বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বলত ভাৰতে পাকিস্তানৰ বলাৰক ধৰাশায়ী কৰি তোলে।
প্লেয়াৰ অ’ৱ দ্যা মেচ অৰ্জন কৰা বিৰাট কোহলীয়ে মুঠ ৫৩ টা বলত ৬ টা চাৰি আৰু ৪ টা ছয়ৰে সৈতে সংগ্ৰহ কৰে ৮২ ৰাণ। আজিৰ দিনটোত বিৰাট কোহলীক লৈ উৎসাহিত সমগ্ৰ দেশবাসী।













