![]()
আৰু এদিন পিছত আৰম্ভ হʼব বিশ্বকাপ। ঘৰুৱা মাটিত খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্য ৰাখিব অষ্ট্ৰেলিয়াই। সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰাজয় পাহৰি চেম্পিয়ন হোৱাৰ যুঁজ আৰম্ভ কৰিব ভাৰতে। পাকিস্তানেও প্ৰত্যাহ্বান জনাব। আগন্তুক টি-২০ বিশ্বকাপৰ বাবে শচীন তেণ্ডুলকাৰে নিজৰ চাৰিগৰাকী ছেমি ফাইনেলিষ্টক বাছনি কৰিছে। কিংবদন্তি ক্ৰিকেটাৰজনে ৰোহিতক খিতাপৰ দৌৰত ৰাখিছে।

শচীনে কয়, “মই নিশ্চিতভাৱে বিচাৰো ভাৰত চেম্পিয়ন হওক। কিন্তু মোৰ চাৰিটা ছেমি ফাইনেলিষ্ট দল হৈছে ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড। নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা কʼলা ঘোঁৰা (Dark Horse)। ছেপ্টেম্বৰ-অক্টোবৰ মাহত ঘৰুৱা ক্ষেত্ৰত একেধৰণৰ পৰিৱেশত খেলে প্ৰটিয়াসকলে। দক্ষিণ আফ্ৰিকা এই অৱস্থাত খেলিবলৈ অভ্যস্ত।”
উল্লেখ্য, যোৱা বিশ্বকাপত ভাৰতে আৰম্ভণিতে পাকিস্তানৰ হাতত পৰাস্ত হৈছিল। এইবাৰ পুনৰ বিশ্বকাপ অভিযান আৰম্ভ কৰিব তীব্র প্রতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে৷ পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিব বুলি আশাবাদী শচীন। তেওঁ কয়, “আমাৰ বহুত ভাল সুযোগ আছে। এই দলটোত ভাৰসাম্য আছে। খেলপথাৰত নিজৰ শ্ৰেষ্ঠতা প্ৰদান কৰাৰ ক্ষমতা আছে তেওঁলোকৰ। ভাৰত চেম্পিয়ন হোৱাৰ বাবে মই আশাবাদী।”
আনহাতে, ৰোহিত, বিৰাটক লৈ সপোন দেখিলেও মাষ্টাৰ ব্লাষ্টাৰে বুমৰাহৰ অনুপস্থিতিৰ ক্ষতিৰ কথা মানি লৈছে। কিন্তু এই মুহূৰ্তত ভাৰতে এইবোৰ নাচায়। বৰঞ্চ মহম্মদ ছামিক লৈ আশাবাদী কিংবদন্তিগৰাকী। শচীনে কয়, “দলৰ শ্ৰেষ্ঠ পেচাৰৰ অনুপস্থিতিয়ে নিশ্চিতভাৱে দলটোক ক্ষতিগ্ৰস্ত কৰিব। বুমৰাহ দলটোৰ এজন গুৰুত্বপূৰ্ণ সদস্য।
কিন্তু বিশ্বকাপত তেওঁ উপলব্ধ নহʼব বুলি সকলোৱে মানি লৈছে। বিপৰ্যয়ৰ কথা চিন্তা কৰি লাভ নাই। মহম্মদ ছামি যথেষ্ট অভিজ্ঞ বলাৰ। বিগত সময়তো ভাল প্ৰদৰ্শন কৰিছে।” উল্লেখ্য, শনিবাৰৰ পৰা অষ্ট্ৰেলিয়া-নিউজিলেণ্ডৰ মেচেৰে আৰম্ভ হʼব টি-২০ বিশ্বকাপৰ মূল পৰ্যায়।













