![]()
কৰিম বেনজেমাৰ বেলন ডি অʼৰ জয় প্ৰায় নিশ্চিত আছিল। বাকী আছিল মাথোঁ আনুষ্ঠানিকতা। সোমবাৰে নিশা ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত এক বৃহৎ অনুষ্ঠানত বেনজেমাক ‘বেলন ডি অʼৰ ২০২২’ বঁটা প্ৰদান কৰা হয়। ৰিয়েল মাদ্রিদৰ তাৰকা কৰিম বেনজেমাই ৩৪ বছৰ বয়সত জীৱনত প্রথমবাৰৰ বাবে বেলন ডি অʼৰ বঁটা লাভ কৰিলে৷ এজন ফৰাচী ফুটবলাৰ হিচাপে জিনেদিন জিদানে ১৯৯৮ চনত এই মুকুট পিন্ধিছিল।

দ্বিতীয় ফৰাচী হিচাপে এইবাৰ বেনজেমাই পিন্ধিলে। তেওঁ এইবাৰৰ বেলন ডি অʼৰ বঁটা লাভ কৰিছিল এজন যোগ্য প্ৰতিদ্বন্দ্বী হিচাপে এক দীঘলীয়া সময়ৰ পিছত। শেহতীয়াকৈ বেলন ডি অʼৰ বিজয়ী বেনজেমাই যোৱা ছিজনত ৰিয়েল মাদ্রিদক চেম্পিয়নছ লীগ আৰু লা লিগা জয় কৰাত সহায় কৰিছিল৷ তেওঁ সকলো গুৰুত্বপূৰ্ণ মেচ ঘূৰাই আনি দলটোক খিতাপৰ পৰ্যায়লৈ লৈ যায়। লগতে তেওঁৰ নামৰ লগতত সকলো মহান অভিলেখ যোগ কৰে। ২০২১-২২ ছিজনত ৪৬খন মেচত ৪৪টা গʼল দিছিল বেনজেমাই।













