![]()
১ অভাৰ, ৪ ৰান, ৩ উইকেট! মহম্মদ ছামিৰ দুৰ্দান্ত প্ৰত্যাবৰ্তন। আউট কৰে কামিন্স, ইংলিশ আৰু কেন ৰিচার্ডছনক। ৬ ৰানত বিশ্বকাপ টি-২০ৰ প্ৰস্তুতি মেচত জয়লাভ ভাৰতৰ। ইয়াৰ পিছত বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় প্ৰস্তুতি মেচ খেলিব ৰোহিত শর্মা বাহিনীয়ে।
টি-২০ বিশ্বকাপ আৰম্ভণিৰ পূৰ্বে প্রথম প্ৰস্তুতি মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে ৰোহিত শর্মাৰ ভাৰতে।অন্তিম অভাৰত দুৰ্দান্ত বল কৰি ভাৰতক জয়ৰ সোৱাদ দিয়ে ছামিয়ে। লগে লগে বিশ্বকাপৰ প্রথম একাদশৰ প্ৰবল দাবীদাৰ হৈ উঠে তেওঁ।
আজি টছত জয়ী হৈ প্রথমে বল কৰাৰ সিদ্ধান্ত লয় অজি অধিনায়ক এৰন ফিঞ্চ। ভাৰতৰ হৈ কেএল ৰাহুল আৰু সূর্যকুমাৰ যাদৱে অৰ্ধ শতক কৰে। শেষৰ ফালে দীনেশ কার্তিকৰ ১৪ বলত ২০ ৰানৰ সৌজন্যত ১৮৬ ৰান কৰে ভাৰতে।
ৰান পিছা কৰিবলৈ নামি দুৰ্দান্ত ইনিংছ খেলে অধিনায়ক ফিঞ্চ। ৩৫ ৰান মিচেল মার্শৰ। ২ উইকেট লয় ভুবনেশ্বৰ কুমাৰে। অন্তিম অভাৰত জয়ৰ বাবে অষ্ট্ৰেলিয়াৰ প্ৰয়োজন আছিল ১১ ৰান। মেচৰ প্রথম অভাৰ কৰিবলৈ নামি অন্তিম অভাৰত ৪ ৰান দি ৩ উইকেট লয় তেওঁ।













