![]()
ৰাজ্যত সক্ৰিয়ভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। আজি বোকাজান মহকুমা আৰক্ষী বিষয়া আৰু চিআৰপিএফৰ এটি দলে যুটীয়াভাৱে চলোৱা এক গোপন তালাচী অভিযানত সেই ঠাইত ২ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ হয়। উল্লেখ্য যে, এই ড্ৰাগছৰ ওজন আছিল প্ৰায় ৩৮৪.৫৬ গ্ৰাম।
আৰক্ষীয়ে জনোৱা মতে, যাত্ৰীৰ আসনৰ পাছফালে গোপনকৈ লুকুৱাই অনা এই ড্ৰাগছখিনি ডিমাপুৰৰ পৰা এলট’ বাহনত অনা হৈছিল। গাড়ীখন নম্বৰ- AS04E 0781।
ইয়াৰ লগতে, আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী নাগালেণ্ডৰ আছেমঙ থুপিটক আটক কৰিছে। ৩৩ বছৰ বয়সীয়া থুপিট মেলুৰী টাউনৰ থিৱাটি গাঁৱৰ নিবাসী। অভিযুক্তক গ্ৰেপ্তা কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।













