ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলংঃ পশ্চিম কাৰ্বিআংলং জিলাৰ সদৰ হামৰেণ নতুন বজাৰত আজি দূপৰীয়া ভাগতে সংঘটিত হয় এক বিধ্বংশী অগ্নিকাণ্ড । অগ্নিকাণ্ডটোত এটা বাছৰ টিকত কাউণ্টাৰৰ লগতে তিনিখনকৈ দূকান সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ।অগ্নিকাণ্ডটোৰ ফলত পোন্ধৰ লক্ষাধিক টকাৰ সা-সামগ্ৰী জাহ যায় ।
এখন ব্ৰইলাৰ মাংস বিক্ৰি কৰা দূকানৰ পৰাই জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ । উল্লেখযোগ্য যে ,অগ্নিকাণ্ডটো সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় ২ কিলো মিটাৰ আঁতৰত থকা অগ্নিনিৰ্বাপক গাড়ী যথেষ্ট পলমকৈ অহাৰ অভিযোগ উত্থাপন হৈছে । অগ্নিনিৰ্বাপক. বাহিনীৰ গাড়ী আহি পোৱালৈকে ৯০শতাংশ জ্বলি শেষেই হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে ।