![]()
অৱশেষত শ্বস্তিৰ নিশ্বাস। ফিটনেছ টেষ্টত উত্তীৰ্ণ হ’ল মহম্মদ ছামী। যিটোক লৈ ভাৰতীয় পেচাৰগৰাকী চিন্তিত হৈ পৰিছিল। অৱশেষত সেই আশঙ্কা দুৰ হʼল। ইয়াৰ পূৰ্বে বোৰ্ডে দীপক চাহাৰৰ ঠাইত শৰদুল ঠাকুৰৰ নাম ঘোষণা কৰিছিল। মহম্মদ ছিৰাজকো ৰিজাৰ্ভ হিচাপে অষ্ট্ৰেলিয়ালৈ লৈ যোৱা হৈছে।
কিন্তু এই পৰ্যন্ত যশপ্ৰীত বুমৰাহৰ পৰিবৰ্তৰ নাম ঘোষণা কৰা হোৱা নাই। ছামীৰ ফিটনেছ টেষ্টৰ বাবে অপেক্ষা কৰা হৈছিল। যʼত ভাৰতীয় পেচাৰগৰাকী পাছ কৰে। বুধবাৰে পুৱা বেঙ্গালুৰুস্থিত নেচনেল ক্ৰিকেট একাডেমীত ছামীৰ ফিটনেছ টেষ্ট কৰা হয়।
বুমৰাহক স্থানত বিশ্বকাপ দলত তেওঁৰ স্থান প্ৰায় নিশ্চিত বুলি কʼব পাৰি।বাছনি সমিতিৰ এজন বিষয়াই কয়, “ছামী ফিট। কেইটামান উৎপাদনশীল অনুশীলন অধিবেশন আছিল। কিন্তু মেচ অনুশীলনত অভাৱ ঘটিছে। দুখন ৱাৰ্ম আপ মেচত তেওঁক ১০০ শতাংশ মেচ ফিট হোৱাৰ সম্ভাৱনা আছে।
ই যদিও এটা ডাঙৰ প্ৰত্যাহ্বান। কিন্তু ছামী এজন অভিজ্ঞ বলাৰ আৰু তেওঁৰ পৰা দলটোৱে কি বিচাৰে সেয়া জানে।” যোৱা বছৰ সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ পিছত ছামীয়ে আন এখনো আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলা নাছিল।
যদিও ভাৰতীয় পেচাৰগৰাকীয়ে গুজৰাট টাইটানছৰ হৈ আই পি এল খেলিছিল। দীৰ্ঘদিনলৈ কোনো মেচৰ অনুশীলন নাই। ইয়াৰ ফলত পৰিচালনাৰ বাবে সমস্যাৰ সৃষ্টি হʼব পাৰে। ১৭ আৰু ১৯ অক্টোবৰত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে গাব্বা আৰু ব্রিজবেনত অনুষ্ঠিত হʼবলগীয়া দুখন ৱার্ম আপ মেচত ভাৰতীয় দলটোৱে ছামীৰ পৰীক্ষণ কৰিব৷ বৃহস্পতিবাৰে অষ্ট্ৰেলিয়ালৈ উৰা মাৰিব ছামীয়ে।













