
আগন্তুক দিনত সৌৰভ গাংগুলীক বিচিচিআইৰ সভাপতিৰ পদত দেখা পোৱা যাবনে? মঙ্গলবাৰে মুম্বাইত অনুষ্ঠিত হʼবলগীয়া বিচিআইৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত হয়তো এই সন্দৰ্ভত কিছু আভাস পোৱা যাব।সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, যদি সৌৰভ গাঙ্গুলি আইচিচিৰ অধ্যক্ষ পদৰ প্ৰতিদ্বন্দ্বী হয়, তেন্তে ৰজাৰ বিন্নী হʼব পাৰে পৰৱৰ্তী বোৰ্ডৰ সভাপতি।

১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলটোৰ সদস্য বিন্নী বৰ্তমান কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ সভাপতি। বিন্নী বিগত সময়ত বোৰ্ডৰ বাছনি সমিতিত আছিল। ১৮ অক্টোবৰত বোৰ্ডৰ বাৰ্ষিক সাধাৰণ সভা। সেইদিনা নিৰ্বাচন অনুষ্ঠিত হʼব।
উক্ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সন্দৰ্ভত এতিয়াও ৰাজহুৱাকৈ কোনো মন্তব্য কৰা নাই সৌৰভে। কিন্তু অনাগত দিনত সৌৰভৰ বোৰ্ডৰ অধ্যক্ষ হিচাপে অব্যাহত থকাটো কেইবাটাও সমীকৰণৰ ওপৰত নিৰ্ভৰ কৰিব। এনে অৱস্থাতে ৰজাৰ বিন্নীৰ নাম ওলোৱা বুলি সৰ্বভাৰতীয় সংবাদ মাধ্যমে দাবী কৰিছে। ইফালে ১১ আৰু ১২ অক্টোবৰতো অব্যাহত থাকিব নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া। ১৩ অক্টোবৰত অনুষ্ঠিত হʼব মনোনয়ন পৰীক্ষা। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ তাৰিখ ১৪ অক্টোবৰ।
সূত্ৰ অনুসৰি, জয় শ্বাহে সম্পাদক হিচাপে কাম কৰি যাব পাৰে। আৰু তেওঁ বোৰ্ডৰ হৈ আইচিচিক প্ৰতিনিধিত্ব কৰাৰ কথা। উপ-সভাপতি পদলৈ আগবাঢ়িছে ৰাজীৱ শুক্লা। অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়া আৰু দিল্লী ক্ৰিকেট বোৰ্ডৰ সম্পাদক ৰোহন জেটলীয়ে যুটীয়া সম্পাদক পদৰ বাবে আগবাঢ়িছে। কোষাধ্যক্ষ পদৰ বাবে যুঁজখন হʼব পাৰে আশীষ ছাইলৰ আৰু অৰুণ ধুমলৰ মাজত। ইফালে, আই পি এলৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ধুমলৰ নামো বিবেচনা কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।













