![]()
টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতে অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথমখন প্ৰস্তুতি মেচত জয়লাভ কৰে। সোমবাৰে পাৰ্থত ৰোহিত শৰ্মা বাহিনীয়ে পশ্চিম অষ্ট্ৰেলিয়াক ১৩ ৰানত পৰাস্ত কৰে। কেংগাৰু দেশতো সূৰ্যকুমাৰ যাদৱৰ ফৰ্ম অব্যাহত আছে।
ভাৰতীয় বেটছমেনগৰাকীয়ে ৩৫টা বলত ৫২ ৰান সংগ্ৰহ কৰে। তাৰ ভিতৰত তিনিটা ছয়, আৰু তিনিটা চাৰিও আছে। আজিৰ দিনটোত বিৰাট কোহলী আৰু কে এল ৰাহুলক জিৰণি দিয়া হয়। প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াই ৬ উইকেটত ১৫৮ ৰান সংগ্ৰহ কৰে। ৯টা উইকেট হেৰুৱাই ১৪৫ ৰানতে থমকি ৰয় পশ্চিম অষ্ট্ৰেলিয়া।
টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয় ৰোহিত শৰ্মাই। কিন্তু আৰম্ভণিতে উজুটি খাবলগা ভাৰত। উদ্বোধনীত ৰোহিতৰ সৈতে আৰম্ভ কৰিছিল ঋষভ পণ্টে। কিন্তু দুয়োজন ওপেনাৰে ৰান নাপালে। ৰোহিত ৩ ৰানত আৰু পন্থ ৯ ৰানত আউট হয়।
দীপক হুডাই ভাল আৰম্ভণি কৰিলেও ২২ ৰানত পেভিলিয়নলৈ উভতে। ভাৰতে এটা সময়ত ৪৫ ৰানতে ৩টা উইকেট হেৰুৱাইছিল। তাৰ পিছত সূৰ্য কুমাৰ-হাৰ্ডিক যুটিয়ে ইনিংছ আগবঢ়াই নিয়ে। দুয়োৱে শতৰানৰ যুটি বান্ধে ৰাখি। হার্দিকে ২৯ ৰান সংগ্ৰহ কৰে। বেটছমেনে হতাশ কৰিলেও বলাৰসকল সফল হয়। ভুৱনেশ্বৰ কুমাৰ আৰু অৰ্শদীপ সিঙৰ সন্মুখত থিয় দিব নোৱাৰিলে বিপক্ষৰ বেটছমেন।
দুয়োজনে একেলগে ৫টা উইকেট দখল কৰে। যজুবেন্দ্ৰ চাহালে দুটা উইকেট দখল কৰে। মাত্ৰ ১২ ৰানতে ৪টা উইকেট হেৰুৱায় পশ্চিম অষ্ট্ৰেলিয়াই। তাৰ পৰা প্ৰত্যাবৰ্তন কৰি মেচখনত জয়ী হোৱাতো সম্ভৱ নহʼল৷













