![]()
বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰেই ভাৰততো কেইবাটাও মমৰ সংগ্ৰহালয় আছে।তাত আছে বিখ্যাত লোকসকলৰ মমৰ মূৰ্তি। উদাহৰণ স্বৰূপে কৰ্ণাটকৰ মহীশূৰৰ মম সংগ্ৰহালয়ত আছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ মূৰ্তি।

যিটো ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শুকুৰবাৰে এজন টুইটাৰ ইউজাৰে ধোনীৰ ৱেক্স ফিগাৰৰ এখন ছবি পোষ্ট কৰে। যিয়ে ইতিমধ্যে ৬০০০ লাইক পাইছে। ১০০ৰো অধিক মন্তব্য আহিছে।
বহুতে কয় যে ধোনীৰ মুখখন তেওঁৰ মমৰ প্ৰতিকৃতিৰ লগত মিল নাই। একাংশই কয় ধোনীৰ মোমৰ ফিগাৰটো ৰাৱালপিণ্ডী এক্সপ্ৰেছ চোৱেইব আখতাৰৰ যেন লাগে। আৰু ধোনীৰ চেহেৰাৰ সৈতে মিল নোহোৱাৰ বাবে চামুণ্ডেশ্বৰী ৱেক্স মিউজিয়াম কৰ্তৃপক্ষক ট্ৰোল কৰা হৈছে। একাধিক মন্তব্যৰে প্লাৱিত হৈছে ছচিয়েল মিডিয়া। নামজাদা ক্ৰিকেট লিখি জেৰেড কিম্বাৰে কৈছে, “একেবাৰে কোনো মিল নাই।”
আন এজনে কʼলে, “ধোনীৰ মমৰ প্ৰতিকৃতিটোৱে ৰণবীৰ কাপুৰৰ কথা মনত পেলাই দিয়ে।” আন এজনে কʼলে, “চুপ থাক, ধোনী নহয় চোৱেইব আখতাৰ।”আন এজনে আকৌ কৈছে, “চোৱেইব আখতাৰে ভাৰতীয় জাৰ্চি পিন্ধিছে।”













