ASSAM TIMES POST
ডিফুঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত অসম চৰকাৰে গঠন কৰি দিয়া উচ্চ স্তৰীয় সমিতিৰ আগত নিজৰ স্থিতি স্পষ্ট কৰিছে দুই পাৰ্বত্য জিলাৰ আঞ্চলিক বিৰোধী দল এএছডিচিয়ে ৷
দলটোৰ সভাপতি হলিৰাম তেৰাঙে আজি বিয়লি ডিফুত দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি দলৰ স্থিতি স্পষ্ট কৰে ৷ সেই অনুসৰি উচ্চ পৰ্যায়ৰ সমিতি খনত অসমৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয়, ঐতিহ্যৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ কথা উল্লেখ কৰা হৈছে যদিও ইয়াত কাৰবি-ডিমাচাকে ধৰি অন্যান্য পাৰ্বত্য জনজাতিক অন্তৰ্ভূক্ত কৰা হোৱা নাই ৷ সেয়েহে অসমীয়াৰ লগতে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰণৰ ক্ষেত্ৰত পাৰ্বত্য জনজাতি সকলৰ সংৰক্ষণৰ কথা পৰামৰ্শ আগবঢ়ায় দলটোৱে ৷ লগতে বিধান সভা নিৰ্বাচনৰ লগতে স্থানীয় নিৰ্বাচন সমূহতো অসমীয়াৰ লগতে পাৰ্বত্য জনজাতিৰ বাবে সুকীয়া আসনৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনায় দলটোৱে ৷
আনহাতে কাৰবি- ডিমাছা আৰু অন্যান্য পাহাৰীয়া জনজাতি সকল কোনোদিনেই আহোম শাসনৰ লগত অন্তৰ্গত নথকাৰ লগতে বৃটিছৰ কালতো এই এলেকাটোক বেক বাৰ্ড ট্ৰেক , এক্সক্লুডেড এৰিয়া, পৰচিয়েলি এক্সক্লুডেড এৰিয়া আদি নামেৰে ভাগ কৰা হৈছিল ৷ যিহেতুু পাহাৰীয়া জনজাতি সকল কোনো কালেই অসমৰ অন্তৰ্ভুক্ত এলেকাত নাছিলেই সেয়েহে ইয়াত বসবাস কৰা লোক সকলক কোনো কাৰণতে অসমীয়া বুলি অভিহীত কৰিব নোৱাৰি বুলি আঞ্চলিক দলটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷অ-খিলঞ্জীয়া লোকসকলে লাভ কৰিবলগীয়া ৰাজনৈতিক অধিকাৰ সন্দৰ্ভতো দলটোৱে নিজৰ স্থিতি প্ৰকাশ কৰি কয় যে এনে লোকক কোনো নিৰ্বাচনত প্ৰতিদ্বন্ধিতা কৰা আনকি ভোটদানৰ অধিকাৰৰ পৰা বিৰত থকাৰ দাবী জনায় ৷
খিলঞ্জীয়া সংজ্ঞা সনদৰ্ভত দলটোৰ স্থিতি স্পষ্ট কৰি দলটোৰ সভাপতি তেৰাঙে কয় যে ইয়াত বসবাস কৰি থকা সকলো পাহাৰীয়া জনজাতিয়েই খিলঞ্জীয়া ৷ ইয়াৰ পূৰ্বে প্ৰাগজ্যোতিষপুৰ, কামৰূপ আদি নামেৰে জনাজাত ভূ-খণ্ড যেতিয়াৰে পৰা অসম নামেৰে পৰিচিত হ’ল তেতিয়া ইয়াত বসবাস কৰা সকলো লোকেই অসমীয়া ৷