ASSAM TIMES POST
ডিফুঃ প্ৰতি বছৰৰ দৰে এই বছৰো ডিফু শ্ৰী শ্ৰী শণি মন্দিৰৰ শণি মহাৰাজৰ বাৎসৰিক উৎসৱ উদযাপনৰ সমিতিৰ উদ্যোগত এইবাৰো উদযাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ হৈছে ৷
যোৱা দেউবাৰে এইলৈ ডিফু শণিমন্দিৰ প্ৰাঙ্গন উদযাপন সমিতিৰ সভাপতি মনোজ দেৰ পৌৰুহিত্যত এখনি সভা অনুষ্ঠিত হৈ যায় ৷ সভাত সম্পাদক বুৰণ সুত্ৰধৰ আৰু কোষাধ্যক্ষ ৰাজু পালৰ লগতে কেইবাজনো গণ্য মান্য লোক উপস্থিত থাকে ৷
সভাত আগন্তুক ২২, আৰু ২৩ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া শ্ৰী শ্ৰী শণি মহাৰাজৰ বাৎসৰিক পূজা মহোৎসৱৰ ওপৰত বিস্তৃত আলেচনা হয় ৷ লগতে দুদিনীয়ী মহোৎসৱৰ অষ্ট প্ৰহৰ নাম- সংকীৰ্তনত ভক্ত প্ৰাণ আৰু জাতি, ধৰ্ম-নিৰ্বিশেষে সকলোৰে অংশ গ্ৰহণ কামনা কৰিছে উদযাপন সমিতিয়ে ৷