দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বাকী দুখন টি-২০ খেলৰ বাবে মহম্মদ ছিৰাজক বুমৰাহৰ ঠাইত অন্তৰ্ভুক্ত কৰা হৈছে। বুমৰাহে পিঠিৰ আঘাতক অতিক্ৰম কৰি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচ খেলিব নোৱাৰিলে। ইয়াৰ পিছত পোহৰলৈ আহিল যে আঘাত ইমানেই গুৰুতৰ যে বুমৰাহে টি-২০ বিশ্বকাপত খেলিব নোৱাৰিব।
বিচিচিআইৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি, পিঠিৰ বিষৰ বাবে বুমৰাহ চাৰিৰ পৰা ছমাহলৈকে খেলৰ পৰা আঁতৰত থাকিব।বোৰ্ডৰ এগৰাকী বিষয়াই পিটিআইক জনাইছে, “টি-২০ বিশ্বকাপত খেলা বুমৰাহৰ বাবে অসম্ভৱ।
পিঠিৰ আঘাত ইমানেই গুৰুতৰ যে বুমৰাহ হয়তো ছমাহৰ বাবে খেলপথাৰৰ বাহিৰত থাকিব লাগিব।” যদিও বোৰ্ডে এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যে বুমৰাহক বিশ্বকাপৰ পৰা বাহিৰ কৰা হৈছে।
এনে অৱস্থাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বাকী দুখন টি-২০ মেচৰ বাবে ছিৰাজক লোৱা হয়। বোৰ্ডে কৈছে, “বুমৰাহে পিঠিত আঘাত পাইছে। বোৰ্ডৰ মেডিকেল টিমে বিষয়টো চোৱাচিতা কৰি আছে।” আঘাতৰ বাবে বুমৰাহে এছিয়া কাপত খেলিব নোৱাৰিলে। অৱশ্যে তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুখন টি-২০ খেল খেলিছিল। তাৰ পিছত আকৌ আঘাত পায়। যাৰ বাবে চিন্তিত হৈ পৰিছে ৰোহিত শৰ্মা বাহিনী।