টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হʼল যশপ্ৰীত বুমৰাহ। পিঠিৰ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হʼবলগীয়া হয় বুমৰাহ। আঘাতৰ বাবে বুমৰাহে এছিয়া কাপত খেলিব নোৱাৰিলে। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলালৈ ঘূৰি আহে বুমৰাহ। কিন্তু দুখন মেচ খেলাৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন মেচ খেলিব নোৱাৰিলে বুমৰাহে।
বিচিচিআইয়ে কয়, “অনুশীলনত বুমৰাহে পিঠিত আঘাত পাইছিল। বুমৰাহৰ আঘাতৰ ওপৰত চকু ৰাখিছে বোৰ্ডৰ মেডিকেল দলে।” পিঠিৰ আঘাতৰ বাবে বুমৰাহে এছিয়া কাপত খেলিব নোৱাৰিলে। সেই আঘাতে বুমৰাহক বিশ্বকাপৰ পৰাও বাহিৰ কৰিলে।
বিচিচিআইৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি কঁকালৰ বিষৰ বাবে বুমৰাহ চাৰিৰ পৰা ছমাহলৈকে খেলৰ পৰা আঁতৰত থাকিব। অৰ্থাৎ বুমৰাহৰ টি-২০ বিশ্বকাপত খেলা নহ’ব। বোৰ্ডৰ এগৰাকী বিষয়াই পিটিআইক জনাইছে, “টি-২০ বিশ্বকাপত খেলাটো বুমৰাহৰ বাবে অসম্ভৱ। পিঠিৰ আঘাত ইমানেই গুৰুতৰ যে বুমৰাহে হয়তো ছমাহলৈকে খেলপথাৰৰ বাহিৰত থাকিব লাগিব।” এইটোৱে ভাৰতীয় বলিঙক ডাঙৰ আঘাত দিছে।
আনহাতে, কোভিডৰ বাবে বিশ্বকাপ দলত ষ্টেণ্ডবাইত থকা ছামীয়ে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব নোৱাৰিলে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন মেচত আন এজন ষ্টেণ্ডবাই দীপক চাহাৰে দুৰ্দান্ত বলিং কৰে।