২০৮ ৰান সংগ্ৰহ কৰিও অষ্ট্ৰেলিয়াৰ বিপক্ষে মোহালীত পৰাস্ত হ’বলগা হয় ভাৰত। মেচখনত ভাৰতীয় বলাৰসকল দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হয়। মূলতঃ ডেথ অভাৰত বল সঠিক ঠাইত নিক্ষেপ কৰিব নোৱাৰাটোৱেই পৰাজয়ৰ কাৰণ হিচাপে আত্মপ্ৰকাশ কৰিছে। শেষৰ চাৰিটা অ’ভাৰত অষ্ট্ৰেলিয়াক প্ৰয়োজন হৈছিল ৫৫ ৰানৰ।
মেথিউ ৱেড আৰু টিম ডেভিদক সেই ৰাণ সহজেই তুলিবলৈ এৰি দিয়ে ভাৰতীয় বলাৰসকলে। ভুবনেশ্বৰ কুমাৰৰ দৰে অভিজ্ঞ বলাৰ এজনেও একে ভুল কৰিছিল। ৰোহিত শৰ্মাইও ভুল কৰিলে।পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত এছিয়া কাপৰ খেলখনত ৰোহিতে ১৯নং অভাৰটো ভূবিৰ হাতত তুলি দিছিল।
সেই দুখন মেচত ভুবিয়ে ১৯ নং অভাৰত ক্ৰমে ১৬ আৰু ১৪ ৰান সংগ্ৰহ কৰে। তাতেই মেচখনত পৰাস্ত হয় ভাৰত। আৰু মঙলবাৰে মোহালীত ভুবিয়ে ১৯ নম্বৰ অ’ভাৰত ১৬ ৰান দিয়ে। শেষৰ অ’ভাৰত অষ্ট্ৰেলিয়াক মাত্ৰ দুটা ৰানৰ প্ৰয়োজন হৈছিল।
সেই ৰাণ যিটো ফিঞ্চ বাহিনীয়ে সহজে তুলি লৈছিল। উক্ত ১৯ নম্বৰ অ’ভাৰটোকে পৰাজয়ৰ বাবে সুনীল গাভাস্কাৰে দোষাৰোপ কৰে। তেওঁ কয়, “মোহালীত নিয়ৰ কোনো কাৰক নাছিল। গতিকে পৰাজয়ৰ বাবে এই অজুহাত নিদিয়াটোৱেই ভাল।”
ইয়াৰ পিছত ছানীয়ে কয়, “বলিং ভাল নাছিল। ১৯ নং অ’ভাৰটো বাৰে বাৰে চিন্তাৰ কাৰণ হৈ পৰিছে।” ছানীয়ে লগতে কয়, “যেতিয়া ১৯ নং অ’ভাৰত ভুবিয়ে ইমান ৰান দি আছে, তেতিয়া আন কাৰো কথা চিন্তা কৰা হোৱা নাছিল কিয়?