আজিৰ পৰা আৰম্ভ হ’ব ভাৰত-অষ্ট্ৰেলিয়া টি-২০ শৃংখলা। বিশ্বকাপৰ প্ৰস্তুতি হিচাপে দুয়োটা দলৰ লক্ষ্য এই শৃংখলাটো। ৰোহিতৰ লক্ষ্য হৈছে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দলৰ চূড়ান্ত সংমিশ্ৰণ গঠন কৰা। উল্লেখ্য, যোৱা বছৰ টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হৈছিল ভাৰত। বিশ্বকাপৰ সংক্ষিপ্ত সংস্কৰণত ই আছিল আটাইতকৈ শোচনীয় প্ৰদৰ্শন। যোৱা এবছৰত ভাৰতীয় ক্ৰিকেটত কেইবাটাও পৰিৱৰ্তন হৈছে। প্ৰশিক্ষক আৰু অধিনায়ক সলনি হৈছে। কিন্তু দলটোৱে এতিয়াও সৰ্বোত্তম সংমিশ্ৰণ বিচাৰি পোৱা নাই। পৰীক্ষাৰ কাম চলি আছে। সদ্য সমাপ্ত এছিয়া কাপতো ব্যৰ্থ হৈছে ৰোহিত। ছুপাৰ ফ’ৰৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল ৰোহিত বাহিনী। অষ্ট্ৰেলিয়া শৃংখলালৈ উভতি আহিছে যশপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেল। দুয়োগৰাকী পেচাৰ আঘাতৰ বাবে এছিয়া কাপত নাছিল। বিশ্বকাপ বলিং সংমিশ্ৰণৰ এক ইংগিত আজি উপলব্ধ হʼব। তৃতীয় পেচাৰ হিচাপে খেলিব ভুবনেশ্বৰ কুমাৰে।
চতুৰ্থ পেচাৰৰ ভূমিকা পালন কৰিব হাৰ্দিক পাণ্ডিয়াই । স্পিন চম্ভালিব যজুবেন্দ্ৰ চাহালে। অক্ষৰ পেটেল আৰু ৰবিচন্দ্ৰন আশ্বিনৰ মাজত প্ৰথমগৰাকীয়ে খেলাৰ সম্ভাৱনা বেছি।
বলিঙৰ দৰে বেটিঙৰ সংমিশ্ৰণৰ নিশ্চয়তা নাই। ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে ইনিংছ মুকলি কৰিব। বিৰাট কোহলীৰ তিনি নম্বৰত অহাটো নিশ্চিত। চাৰি নম্বৰত সূৰ্য কুমাৰ যাদৱ। তাৰ পিছত ঋষভ পন্ত নে দীনেশ কাৰ্তিক? এই ক্ষেত্ৰত টিম মেনেজমেণ্টে কঠোৰ সিদ্ধান্ত লʼব লাগিব। দুয়োটাকে খেলাব বিচাৰিলে এজন বলাৰ কমাই দিব লাগিব। যিটো যেন ৰোহিতে কৰিব নিবিচাৰিব।
কাৰণ এছিয়া কাপত হাৰ্ডিক পঞ্চম বলাৰ হিচাপে সফল হোৱা নাছিল। আনহাতে, ডেভিড ৱাৰ্নাৰ, মিচেল ষ্টাৰক, মাৰ্কাছ ষ্টোইনিছৰ অবিহনে অষ্ট্ৰেলিয়া ভাৰতলৈ আহিছে। যোৱা বছৰ বিশ্বকাপ জয় কৰাৰ পিছত অজি বাহিনীয়ে মাত্ৰ ৯ খন টি-২০ মেচ খেলিছে। প্ৰায় দুবছৰ পূৰ্বে দুয়োখন দেশে ক্ৰিকেটৰ এই ফৰ্মেটত মুখামুখী হৈছিল। অন্তিমবাৰ অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতে ২-১ ব্যৱধানত জয়লাভ কৰে শৃংখলা। ৰোহিত এণ্ড কোম্পানীয়ে ঘৰতে পুনৰাবৃত্তি কৰিব বিচাৰিব।