![]()
ভাৰতীয় মহিলা হকীৰ অভিজ্ঞ মিডফিল্ডাৰ নমিতা টপ্পোৰ অৱসৰ গ্ৰহণ। ২০১২ চনত ভাৰতীয় ৰাষ্ট্ৰীয় হকী দলত অভিষেক ঘটাই ১৫০ খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলে তেওঁ। বৃহস্পতিবাৰে তেওঁ নিজৰ কেৰিয়াৰ সামৰাৰ সিদ্ধান্ত লয়।
ওড়িশাৰ সুন্দৰগড় জিলাৰ ২৭ বছৰীয়া টপ্পো ২০১৪ আৰু ২০১৮ চনত এছিয়ান গেমছত ব্ৰঞ্জ আৰু ৰূপৰ পদক জয়ী ভাৰতীয় দলটোৰ সদস্য আছিল।
অৱসৰ গ্ৰহণ কৰি টপ্পোৱে কয়, “যোৱা ১০ বছৰ নিশ্চিতভাৱে মোৰ জীৱনৰ শ্ৰেষ্ঠ বছৰ। মোৰ দেশৰ হৈ বৃহত্তম পৰ্যায়ত খেলাৰ সপোন আছিল আৰু মই ইমানেই সুখী যে মই মোৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছো।”

তেওঁ হকী ইণ্ডিয়াই প্ৰকাশ কৰা বিবৃত্তিত কয়, “মই আশা কৰিছো যে মই এক বৃহৎ প্ৰভাৱ পেলাইছো আৰু যোৱা এটা দশকত ভাৰতীয় মহিলা হকী দলটোৱে কেনেদৰে আগবাঢ়িছে সেয়া দেখি মই অতিশয় ৰোমাঞ্চিত হৈছো। মই মোৰ জীৱনৰ এক নতুন অধ্যায়লৈ আগবাঢ়ি যোৱাৰ পিছতো সময়ত দলটোৰ সফল্যত উল্লাস আৰু সমৰ্থন কৰি যাম।”













