বৃহস্পতিবাৰে পাকিস্তানে ঘোষণা কৰে টি-২০ বিশ্বকাপৰ দল। দললৈ ঘূৰি আহিছে পেচাৰ শ্বাহীন আফ্ৰিদী। জুলাই মাহত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্টত ফিল্ডিং কৰি থকাৰ সময়তে আঁঠুত আঘাত পাইছিল শ্বাহীনে। যাৰ বাবে তেওঁ এছিয়া কাপত খেলিব নোৱাৰিলে।
বিশ্বকাপ দলত সুযোগ পালেও আফ্ৰিদীয়ে ইংলেণ্ডৰ বিৰুদ্ধে ৭খন মেচৰ টি-২০ শৃংখলাত খেলিব পৰা নাই। পাকিস্তান বোৰ্ডৰ বাছনি সমিতিৰ মুৰব্বী মহম্মদ ৱাছিমে কয়, “শ্বাহীনৰ আঘাতৰ ওপৰত নজৰ ৰখা হৈছে। বিশ্বকাপৰ পূৰ্বে তেওঁ ফিট হৈ থাকিব বুলি আশা কৰিলোঁ।”
ইফালে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীয়ে এককভাৱে দাবী কৰে যে শ্বাহীন আহত হোৱাৰ পিছত পাকিস্তান বোৰ্ডে কোনো দায়িত্ব গ্ৰহণ কৰা নাই। আফ্ৰিদীয়ে দাবী কৰে যে শ্বাহীনে ইংলেণ্ডত নিজৰ খৰচত চিকিৎসা গ্ৰহণ কৰিছে। আফ্ৰিদীৰ দাবী, “শ্বাহীন নিজৰ খৰচত ইংলেণ্ডলৈ গৈছিল। নিজৰ খৰচত টিকটো কাটিছিল। নিজৰ ধনেৰে ইংলেণ্ডত থাকে।
শ্বাহীন ইংলেণ্ডলৈ গৈ চিকিৎসকৰ লগত যোগাযোগ কৰে। পিচিবিয়ে একো কৰা নাছিল।” আফ্ৰিদীয়ে লগতে কয়, “ইংলেণ্ডলৈ গৈ অকলে যোগাযোগ আৰু থকাৰ ব্যৱস্থা কৰিলে। পাক বোৰ্ডৰ অন্যতম জাকিৰ খানে শ্বাহীনৰ সৈতে মাত্ৰ দুবাৰমানহে কথা পাতিছিল”