শুকুৰবাৰৰ পৰা উপলব্ধ হ’ব গুৱাহাটী বৰ্ষাপাৰাত টি- ২০ ক্ৰিকেটৰ টিকট।২অক্টোবৰত অনুষ্ঠিত হব লগা ভাৰত আৰু দক্ষিণ আফ্ৰিকা মাজৰ টি-২০ ক্ৰিকেট খেলৰ অনলাইন টিকট উপলব্ধ হ’ব শুকুৰবাৰ পৰা।অসম ক্রিকেট সন্থাই অৱগত কৰিছে এই কথা।ছাত্ৰ ছাত্ৰীৰ বাবে ৪৭৫টকাত উপলব্ধ হ’ব টিকট।
ইফালে সাধাৰণ ৰাইজৰ বাবে ১৫০০টকা পৰা সৰ্বাধিক ৬০০০ টকালৈ উপলব্ধ হ’ব টিকট।আনহাতে অনলাইন টিকটৰ হাৰ্ড কপি ২৫ছেপ্টেম্বৰত নেহেৰু ষ্টেডিয়ামত উপলব্ধ হ’ব।
তাতপৰ্যপূৰ্ণ কথা যে ১৮ছেপ্টেম্বৰৰ পৰা বি চি চি আই অধীনলৈ যাব বৰ্ষাপাৰা ষ্টেডিয়াম।