কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ পূৰ্বে প্ৰতিখন ৰাজ্যতে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি পদৰ বাবে নিৰ্বাচন হোৱাৰ কথা আছিল। কিন্তু কোনো ৰাজ্যতে সেয়া নহʼল৷ এইবাৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৰাজ্যিক কংগ্ৰেছ কমিটীসমূহলৈ নিৰ্দেশ প্ৰেৰণ কৰি অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক ৰাষ্ট্ৰীয় সভাপতি হিচাপে মনোনীত কৰিবলৈ অনুৰোধ জনাইছে।
এই সন্দৰ্ভত প্ৰাদেশিক কংগ্ৰেছ সমিতিসমূহকো এই প্ৰস্তাৱ আনুষ্ঠানিকভাৱে গৃহীত কৰিবলৈ অৱগত কৰা হৈছে। ২২ ছেপ্টেম্বৰত কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছত ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হʼব মনোনয়ন প্ৰক্ৰিয়া।
ইয়াৰ পূৰ্বে ৰাজ্যৰ নেতৃত্বক এই প্ৰস্তাৱ গৃহীত কৰিবলৈ কোৱা হৈছে। ইয়াৰ ফলত দলৰ ভিতৰত সাংগঠনিক নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ পুনৰ প্ৰশ্ন উত্থাপন হʼব বুলি আশংকা কৰিছে কংগ্ৰেছৰ এটা শ্ৰেণীৰ নেতাই।
কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত গোলাম নবী আজাদে দলৰ সাংগঠনিক নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰহসন বুলি অভিহিত কৰে। ইয়াৰ পিছতে ক্ষুব্ধ কংগ্ৰেছ নেতাসকলেও সভাপতি নিৰ্বাচনৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰে। সভাপতি নিৰ্বাচন পৰিচালনাৰ দায়িত্বত থকা নেতা মধুসুদন মিস্ত্ৰীয়ে অৱশ্যে তেওঁলোকক আশ্বাস দিয়ে।