ASSAM TIMES POST
ডিফুঃ কাজিৰ ৰংহাঙপী মেম’ৰিয়েল টেলেণ্ট হাণ্ট ছ’চাইটিৰ উদ্যোগত দেউবাৰে নিশা ডিফু আৰবৰেটাম কাম ক্ৰাফ্ট চেণ্টাৰত ৪ৰ্থ মিছ কাৰবি আংলং প্ৰতিযোগিতা ২০১৯ অনুষ্ঠিত হৈ যায়৷ আড়ম্বৰপূৰ্ণ ভাবে অনুষ্ঠিত প্ৰতিযোগিতাটিৰ শীৰ্ষ বিজয়ীৰ বাবে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ স্বৰ্গীয়া মাতৃ বাছাপী টেৰণপী সোঁৱৰণী খিতাপ লাভ কৰিবলৈ সক্ষম হয় ছামি নিৰ্মলা টেৰণপীয়ে ৷
লগতে বিজেতা খিতাপ লাভ কৰে দ্বৈতভাবে অৰ্চনা হাঞ্চেপী আৰু অনিকা টেৰণপীয়ে ৷ ইয়াৰোপৰি প্ৰতিযোগীতাৰ শ্ৰেষ্ট ফট’জেনিক আৰু শ্ৰেষ্ট কষ্টুম কাজীৰবন ৰংহাঙপীয়ে লাভ কৰিবলৈ সক্ষম হয় ৷
৪ৰ্থ মিছ কাৰবি আংলঙৰ শুভ উদ্ধোধন কৰে কাৰবি পৰিষদৰ কাৰ্যবাহী সদস্য কাছে ৰংপিপীয়ে ৷ আনহাতে প্ৰতিযোগীতা খনৰ মুখ্য বিচাৰকৰ ভূমিকা পালন কৰে মিছ গ্লেমাৰ ইণ্ডিয়া আৰু মিছ ৰেইন ব’ ছাউথ আফ্ৰিকাৰ খিতাপ বিজয়ী মেঘালয় তুৰা জিলাৰ মিছ মাৰ্চি চাংমাই ৷ উল্লেখ যোগ্যযে ডিফু চহৰৰ গাতে লাগি থকা আৰবেৰটাম কাম ক্ৰাফ্ট চেণ্টাৰৰ প্ৰাকৃতিক নৈসৰ্গিক পকিবেশৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাটি সফল ভাবে সম্পন্ন হয় ৷