বিচিচিআইৰ সভাপতি আৰু সম্পাদক হিচাপে আৰু তিনি বছৰলৈ কাৰ্যকাল অব্যাহত ৰখাত কোনো সমস্যা নহʼল সৌৰভ গাংগুলী আৰু জয় শ্বাহৰ ৷ ২০২৫ চনলৈকে বিচিচিআইৰ সভাপতি হিচাপে থাকিব সৌৰভ গাঙ্গুলি। মঙলবাৰে আদালতৰ প্ৰথম শুনানিৰ পিছত অন্ত পৰে আতংকৰ।
উচ্চতম ন্যায়ালয়ে সলনি কৰিছে ‘কুলিং অফ’ পিৰিয়ডৰ নিয়ম। এই নিয়ম 3+3 ৰ সলনি 6+6 হ’ব। অৰ্থাৎ দুটা কাৰ্যকালত ছয় বছৰ কটোৱাৰ পিছত বোৰ্ডৰ কোনো বিষয়াই কুলিং অফত যাব নালাগিব। ৰাজ্যিক সংগঠনত ৬ বছৰ কটোৱাৰ পিছত আৰু ৬ বছৰ BCCI ত কটাব পাৰিব। ৰাজ্যিক সংস্থাৰ পদ সম্পূৰ্ণ কৰাৰ পিছতো কোনোবাই বোৰ্ডত যোগদান কৰিব পাৰে।
বিচিচিআইৰ যিকোনো পদত একেৰাহে ছয় বছৰৰ পিছত কুলিং অফ কৰাটো বাধ্যতামূলক। কিন্তু সেই সময়ত সংশ্লিষ্ট ব্যক্তিয়ে ৰাজ্যিক সংগঠনত যিকোনো পদবীত থাকিব পাৰে।
বিচিচিআইয়ে লোধা কমিটীক ‘কুলিং অফʼৰ সময়সীমা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছিল। নিয়মাৱলী অনুসৰি, ৭০ বছৰৰ পাছত কোনো ব্যক্তিয়ে বোৰ্ডৰ চৰকাৰী পদত অধিষ্ঠিত হʼব নোৱাৰে। বোৰ্ডে সেই নিয়মটোও সলনি কৰিব বিচাৰিছিল। লোধা কমিটিৰ নিয়মাৱলী অনুসৰি, ৯ বছৰৰ পাছত ৰাজ্যিক সংস্থা আৰু বোৰ্ডৰ বাবে কুলিং অফৰ বাবে যোৱাটো বাধ্যতামূলক। বিচিচিআইয়ে সেই নিয়ম ত্যাগ কৰিবলৈ অনুৰোধ জনায়।
কুলিং অফৰ সময়ছোৱাত ৰাজ্যিক সংস্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অনুমতি বিচাৰিছিল। ন্যায়াধীশ ধনঞ্জয় চন্দ্ৰচুড় আৰু হিমা কোহলীৰ বিচাৰপীঠৰ সন্মুখত আজি দ্বিতীয় শুনানি অনুষ্ঠিত হয়। তাত সৌৰভ গাংগুলী, জয় শ্বাহৰ সপক্ষে ৰায়দান হয়। অৰ্থাৎ বংগৰ মহাৰাজ বোৰ্ডৰ সৰ্বোচ্চ পদতে থাকিব।