ভাৰতীয় টেনিছৰ এটা যুগৰ অন্ত পৰিল। নৰেশ কুমাৰ আৰু নাই। ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তি টেনিছ তাৰকাগৰাকীয়ে। বহুদিন ধৰি তেওঁ অসুস্থ হৈ আছিল। আজি ভাৰতৰ ডেভিছ কাপ দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে শেষ উশাহ লয়। মৃত্যুৰ সময়ত তেওঁ পত্নী সুনীতা কুমাৰক ইহজগতত এৰি থৈ যায়।
নৰেশ কুমাৰৰ জন্ম হৈছিল ১৯২৮ চনত পাকিস্তানৰ লাহোৰত। লাহোৰ তেতিয়া ভাৰতৰ এটা অংশ আছিল। প্ৰথমবাৰৰ বাবে তেওঁ জনাজাত হয় ডেভিছ কাপৰ জৰিয়তে। তেওঁ ভাৰতৰ অধিনায়কো আছিল। ১৯৫২ চনত তেওঁ ভাৰতৰ ডেভিছ কাপ দলত প্ৰথম সুযোগ লাভ কৰে। একেৰাহে ৮ বছৰ ধৰি দেশক প্ৰতিনিধিত্ব কৰিছিল। লগতে উইম্বলডনতো অংশগ্ৰহণ কৰিছিল। ১৯৫৩, ১৯৫৫ আৰু ১৯৫৮ চনত অল ইংলেণ্ড ক্লাবৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আইৰিছ চেম্পিয়নশ্বিপ, ৱেলছ চেম্পিয়নশ্বিপ জয় কৰে।
লিয়াণ্ডাৰ পেজৰ উত্থানৰ বাবে তেওঁ অৱদান উল্লেখযোগ্য। তেওঁৰ টেনিছ কেৰিয়াৰ গঢ় দিছিল নৰেশ কুমাৰে। তেওঁ প্ৰথমে লীক বিদেশলৈ পঠিয়াইছিল। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল যদিও সামাজিক অনুষ্ঠানত মাজে মাজে তেওঁক দেখা পোৱা গৈছিল। সুদৰ্শন নৰেশে চাউথ ক্লাবলৈও গৈছিল। চেহেৰা আৰু আচৰণত চাহাবৰ দৰে আছিল। গতিকে সমাজৰ সকলো স্তৰতে তেওঁক সন্মান কৰা হৈছিল। টেনিছ প্ৰশিক্ষক হিচাপে নৰেশ কুমাৰে ২০২০ চনত দ্ৰোণাচাৰ্য বঁটা লাভ কৰিছিল। তেওঁৰ মৃত্যুত টেনিছৰ এক যুগৰ অন্ত পৰিল।